গোসাঁইগাঁৱত মাছেই কাল হ'ল পতি-পত্নীৰ

গোসাঁইগাঁওঃ গোসাঁইগাঁও মহকুমাৰ ৰাঙাপাৰা গাঁৱত আজি দুপুৰীয়া ঘৰৰ ওচৰত থকা এটা পুখুৰীত মাছ মাৰিবলৈ গৈ এহাল দম্পতীৰ সলিল সমাধি ঘটে। ৰাঙাপাৰা গাঁৱৰ বাসিন্দা জুৱেল হেমব্ৰমৰ পত্নী কুমা বাস্কে(৪৮) ঘৰৰ ওচৰতে থকা এটি পুখুৰীত মাছ মাৰিবলৈ গৈ পুখুৰীৰ পানীত পৰি যায়।

সেই সময়ত ওচৰতে থকা স্বামী জুৱেল হেমব্ৰমে (৫৫)পত্নীক বঁচাবলৈ পুখুৰীত নামি পানীত বুৰিবলৈ ধৰা পত্নীক উদ্ধাৰ কৰাৰ চেষ্টা কৰে যদিও অৱশেষত দুয়োজন পানীত বুৰ যায় আৰু পুখুৰীতে দম্পতীহালৰ কৰুণ মৃত্যু ঘটে।

পাছত স্হানীয় ৰাইজে ঘটনাৰ বিষয়ে অৱগত হৈ গোসাঁইগাঁও থানাৰ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে পুখুৰীৰ পৰা মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ লৈ প্ৰেৰণ কৰে।