
নতুন দিল্লীঃ অন্ত পৰিল এক ১৫ বছৰীয়া বিতৰ্কৰ! অৱশেষত কমনৱেলথ গেমছ কেলেংকাৰিৰ ধন সৰবৰাহৰ অভিযোগৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ল সুৰেশ কালমাদী আৰু ললিত ভানোট। মঙলবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতৰ ৰায়দানৰ ফলত দশকৰো অধিক সময় ধৰি চলি থকা ৰাজনৈতিক যুদ্ধ আৰু আইনী বিতৰ্কৰ অন্ত পৰে। এই ৰায় নিঃসন্দেহে কংগ্ৰেছৰ বাবে এক বৃহৎ ৰাজনৈতিক জয় হিচাপে পৰিগণিত হৈছে।
২০১৪ চনত কংগ্ৰেছৰ পতনৰ এক অন্যতম কাৰণ আছিল এই কেলেংকাৰীৰ অভিযোগ। ডঃ মনমোহন সিঙৰ চৰকাৰ আৰু দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগে বছৰ বছৰ ধৰি কংগ্ৰেছক বিদ্ধ কৰি আহিছিল। বিজেপি আৰু কেজৰিৱালৰ আম আদমী পাৰ্টিয়ে একেলগে এই গোচৰটো ব্যৱহাৰ কৰি কংগ্ৰেছক দুৰ্নীতিৰ প্ৰতীক হিচাপে চিত্ৰিত কৰিছিল যদিও শেষত আদালতৰ ৰায়দানত স্পষ্ট কৰি দিলে যে কোনো প্ৰমাণ নাই।
ইডিৰ ছীলবন্ধ প্ৰতিবেদন গ্ৰহণ কৰি আদালতে কয় যে, "অধিক তদন্তৰ কোনো লাভ নাই। এই গোচৰটো অব্যাহত ৰখাৰ যুক্তি শেষ হৈছে।" উল্লেখ্য যে, চিবিআইয়ে বন্ধ কৰি দিয়া গোচৰৰ ভিত্তিত ইডিয়ে ধন সৰবৰাহৰ তদন্ত আৰম্ভ কৰিছিল। কিন্তু দীৰ্ঘদিনীয়া তদন্তৰ অন্ততো একো পোৱা নগ’ল। সেয়েহে আদালতে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে কলমাদী আৰু ভানোটৰ বিৰুদ্ধে আৰু কোনো অভিযোগ নাই।
এই ৰায়ক কেন্দ্ৰ কৰি যি এতিয়া বিজেপিক উভতি ধৰিছে কংগ্ৰেছ শিবিৰে। জয়ৰাম ৰমেশে কঠোৰ ভাষাত আক্ৰমণ কৰি কয়, "২০১৪ চনৰ আগতে বিজেপি আৰু কেজৰিৱালে ২জি আৰু কমনৱেলথ কেলেংকাৰী সৃষ্টি কৰি আমাৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰিছিল। আজি প্ৰমাণিত হৈছে যে সকলো মিছা আছিল। মোদী আৰু কেজৰিৱালে এতিয়া দেশবাসীৰ ওচৰত ক্ষমা খুজিবনে?"
পৱন খেড়াই কয়, "বছৰ বছৰ ধৰি এই গোচৰসমূহ কেৱল ৰাজনৈতিক হাৰাশাস্তিৰ বাবে ব্যৱহাৰ কৰা হৈছে। এতিয়া মানুহে সত্য জানিব পাৰিব।" ইফালে, আদালতৰ ৰায়দানৰ পিছতে কংগ্ৰেছ কৰ্মীসকলে প্ৰাক্তন আয়োজক সমিতিৰ অধ্যক্ষ সুৰেশ কালমাদীৰ বাসগৃহৰ বাহিৰত মিঠাই বিতৰণ কৰি এই ৰায়দান উদযাপন কৰে।
বহু ৰাজনৈতিক বিশ্লেষকে এক্সত লিখিছে, 'এই ৰায় কেৱল ব্যক্তিগত নহয়, কংগ্ৰেছৰ নৈতিক আৰু কৌশলগত জয়।’ প্ৰণিধানযোগ্য যে, ২০১০ চনৰ কমনৱেলথ গেমছত ভাৰতে ৩৮টা সোণকে ধৰি ১০১টা পদক লাভ কৰি ইতিহাস ৰচনা কৰিছিল। কিন্তু সেই কৃতিত্বত লাগিছিল দুৰ্নীতিৰ চেকা। অৱশেষত মঙলবাৰে এটা দশকৰো অধিক সময়ৰ অন্তত কংগ্ৰেছৰ গাৰ পৰা আঁতৰিল দুৰ্নীতিৰ সেই দাগ।