বিলাসী গাড়ীত উঠিল গৰু, মন্দিৰত থ'ব নিয়াৰ সন্দেহ

ডিব্ৰুগড়ঃ গৰুৰ যেন ভাগ্য হে ঘুৰিছে৷ দেশত গৰুক লৈ ৰাজনীতি চলে৷ গৰুক লৈ দেশত নানা তৰহৰ কথা৷ আমাৰ ৰাজ্যত গৰুক আদৰ কৰা মানুহৰ সংখ্যাও কম নহ’য়৷ গৰুক আদৰ-মৰম পুৰ্বৰ পৰাই কৰি আহিছে অসমীয়া সমাজে৷ গৰুক আদৰ-মৰমৰ কৰা হয় যদিও প্ৰভূ ভক্ত কুকৰৰ হে মালিকৰ গাড়ীত উঠাৰ সোভাগ্য হয়৷ বিলাসী গাড়ীত মুৰ উলিয়াই জিভা দেখুৱাই আৰামত ভ্ৰমণ কৰে পোহনীয়া কুকুৰে৷

কিন্তু এইবাৰ বিলাসী গাড়ীত উঠাৰ সোভাগ্য হ’ল গৰুৰ৷ হয়, বিলাসী গাড়ীত উঠিছে গৰুৱে৷ এটা নহয় দুটাকৈ গৰু উঠিল ইণ্ডিকা গাড়ীত৷ ডিব্ৰুগড় জিলাৰ ডিকম আৰক্ষী চকীৰ অন্তৰ্গত নাদুৱা চাইডিঙত নিশা প্ৰায় ১০.৩০ বজাত চুৰি গৰু সহ এখন ইণ্ডিকা জব্দ কৰিবলৈ সক্ষম হয় ডিকম আৰক্ষী। চাবুৱা অঞ্চলত গৰু চোৰে দপদপাই ফুৰাৰ সময়তে আৰক্ষীৰ চকুত ধুলি দি ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথেৰে চুৰি গৰু সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে দুটাকৈ গৰু সহ জব্দ কৰিবলৈ সক্ষম হয় এখন ইণ্ডিকা৷

জানিব পৰা মতে, এটি সংগঠনে এখন সন্দেহ জনক ইণ্ডিকা গাড়ী প্ৰত্যক্ষ কৰি ডিকম আৰক্ষীক খবৰ দিয়ে৷ নিশা আৰক্ষীয়ে ইণ্ডিকা গাড়ী তালাচীৰ চলোৱাৰ উদ্দেশ্যে ৰখাবৰ বাবে ইংগিত দিয়ে নাদুৱা চাইডিঙত৷ আৰক্ষীয়ে এছ-০৪-জি-৫২৭৩ নম্বৰৰ গাড়ী খন ৰখােবৰ ইংগিত দিয়াৰ পিছতে কিছু দুৰত গাড়ী খন ৰখাই দুজন লোকে পলায়ণ কৰে৷ আৰক্ষীয়ে লোক দুজনক পিছে পিছে খেদি ধৰিবলৈ চেষ্টা কৰে যদিও ধৰিবলৈ সক্ষম নহ’ল৷

গাড়ী খনৰ ভিতৰৰ পৰা দুটা মৃত গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে৷ সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ ডিকম অাঞ্চলিক সমিতিৰ সভাপতি ৰিতুৰাজ চেতিয়াৰ নেতৃত্বত কেইজনমান যুৱকে গাড়ী খন প্ৰত্যক্ষ কৰি ডিকম আৰক্ষীক খবৰ দিছিল৷ বিলাসী গাড়ীত সহ গৰু জব্দ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আনহাতে শেহতীয়াকৈ মন্দিৰত গৰুৰ মাংস, গৰুৰ কটা ঠেং উদ্ধাৰ হোৱাৰ সময়তে মৃত গৰু বিলাসী গাড়ীৰ ভিতৰত উদ্ধাৰ হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি একাংশ লোকে মন্দিৰত থবলৈও নিব পাৰে বুলি সন্দেহ কৰিছে৷

সমাজত অশান্তি বিয়পোৱাৰ উদ্দেশ্যে একাংশ লোকে এনে ঘৃননীয় কাম কৰি আহিছে৷ স্মৰ্তব্য যে, যোৱা ১৫ অক্টোবৰত ধুবুৰী জিলাৰ গৌৰীপুৰৰ দাউভাঙীৰ ৰতন সৰকাৰ নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ সন্মুখত নতুনকৈ নিৰ্মাণ কৰি থকা থকা মন্দিটোৰ সন্মুখত কোনো দুস্কৃতিকাৰীয়ে নিশাৰ এন্ধাৰৰ সুযোগ লৈ গৰুৰ কটা ভৰি দুখন ওলমাই থৈ গৈছিল৷ ধৰ্মীয় অনুভূতিত আঘাত হানি এনেদৰে ধৰ্মীয় সংঘাত সৃষ্টি কৰাৰ চেষ্টা কৰে দুস্কৃতিকাৰীয়ে৷