পুঁজিপতিৰ পকেটত থকা চৰকাৰে মূল্যবৃদ্ধি কৰি খাটিখোৱা জনসাধাৰণক ধ্বংস কৰিব খুজিছে

newsnextone.com | জয়সাগৰঃ উজনিৰ শিৱসাগৰ জিলাৰ সদৰত মঙলবাৰে বামপন্থী সংগঠন সমূহে গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে৷ চহৰৰ মাজেৰে মিছিল কৰি গৈ শিৱসাদৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা প্ৰদৰ্শন কৰে৷

তিনি শতাধিক কমৰেডে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ধৰ্ণা প্ৰদৰ্শন কৰি চৰকাৰে ধৰ্মৰ নামতহে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে৷ দেশৰ উন্নয়নৰ পৰিৱৰ্তে, সৰ্বহাৰাৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে পুঁজিপতিৰ পকেটত সোমাই থকা চৰকাৰে মূল্যবৃদ্ধি কৰি শ্ৰমিক, মজদুৰ, খাটিখোৱা জনসাধাৰণক ধ্বংস কৰিব খুজিছে বুলি অভিযোগ উত্থাপন কৰে৷

চিপিআই, এআইকেএছ, এআইএছএফ, এআইৱাইএফ, এআিটিইউচি, এএমএছ, বিকেএমইউ, কনষ্ট্ৰাকচন ইউনিয়ন আৰু কনষ্ট্ৰাকচুৱেল ইউনিয়নে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ 

চিপিআইৰ নেতৃত্বত অনুষ্ঠিত গণ বিক্ষোভ কাৰ্যসূচীত কেইবাগৰাকী জ্যেষ্ঠ বামপন্থী নেতাই অংশ গ্ৰহণ কৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, নগা ফ্ৰেমৱৰ্ক চুক্তিৰাজহুৱা কৰা, পেট্ৰলজাত সামগ্ৰীৰ মূল্য ৰোধ কৰাৰ দাবী জনাই বামপন্থী সংগঠনসূহে শিৱসাগৰৰ আকাশ বতাহ মুখৰিত কৰি তোলে।