CPIMLৰ সভা, মোডীৰ জন্মদিন দুৰ্নীতিৰ উৎসৱত পৰিণত হৈছে

বিহালীঃ সোমবাৰে বিশ্বনাথত চিপিআই এম-এলৰ নেতা-কৰ্মীয়ে সৰ্বহাৰাৰ নেতা দলৰ প্ৰতিষ্ঠাপক সম্পাদক বিনোদ মিশ্ৰক স্মৰণ কৰে৷ ১৯ সংখ্যাক মৃত্যু দিৱস উপল৭ে "সংকল্প" দিৱস পালন কৰে বিশ্বনাথ জিলাৰ বিশ্বনাথ, গহপুৰ আৰু বিহালী বিধান সভা সমষ্টিৰ প্ৰায় সহস্ৰাধিক দলীয় কৰ্মীয়ে৷

বৈশাকু ৰয় ঘাটোৱাৰৰ সভাপতিত্বত অনুষ্ঠিত সংকল্প দিৱসত প্ৰাক্তন শিক্ষক ধৰ্মকান্ত হালৈ, পূষ্প শৰ্মা, লাচিত দাসে উপস্থিত থাকে। বিশ্বনাথ জিলাৰ সমষ্টি সমূহৰ পঞ্চায়ত সমূহৰ দুৰ্নীতি সন্দৰ্ভত শাসকীয় চৰকাৰ আৰু কংগ্ৰেছৰ দুৰ্নীতিৰ কথা উল্লেখ কৰে সংকল্প দিৱসত অংশ গ্ৰহণ কৰে নেতা-কৰ্মীয়ে।

দুবছৰ পূৰ্বে বিশ্বনাথৰ জিনজিয়া পঞ্চায়তত ৩৮টা আই এ ৱাই গৃহ আৱন্টন দিয়াত ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লোৱাত, পৰবৰ্তী পাব লগা তালিকাত খেলিমেলি, MNREGA আঁচনিত দুৰ্নীতিৰ কথাও সংকল্প দিৱসত অংশ গ্ৰহণ কৰে নেতা-কৰ্মীয়ে উল্লেখ কৰে।

চিপিআই এম-এলৰ ৰাজ্যিক সদস্য বিবেক দাসে কংগ্ৰেছে যদি গ্ৰামোন্নয়ন আঁচনিৰ আধা পইচা খাইছিল বিজেপিয়ে এতিয়া সম্পূৰ্ণ পইচাই আত্মসাৎ কৰিছে বুলি কয়।

নৰেন্দ্ৰ মোদীৰ জন্ম দিন উপলক্ষে পঞ্চায়তে পঞ্চায়তে যি বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰিছিল যদিও বিজেপি নেতা-কৰ্মীয়ে সম্পূৰ্ণ ধনৰ মাত্ৰ এক চতুৰ্থাংশ ধন খৰচ কৰি বাকী ধন আত্মসাৎ কৰা বুলি কৈ জ্যেষ্ঠ নেতাগৰাকীয়ে নৰেন্দ্ৰ মোডীৰ জন্ম দিনটো দুৰ্নীতিৰ উৎসৱত পৰিণত কৰা বুলি বিজেপিক কটাক্ষ কৰে।