কোকৰাঝাৰত সোমবাৰৰ পৰা আৰম্ভ হৈছে ক্ৰাফট মেলা, ৯০ লাখ টকাৰ সামগ্ৰী বিক্ৰীৰ লক্ষ্য

কোকৰাঝাৰঃ দেশৰ বিভিন্ন প্ৰান্তৰ শিপিনী তথা প্ৰতিষ্ঠানৰ অংশগ্ৰহনেৰে কোকৰাঝাৰ চহৰত সোমবাৰৰ পৰা আৰম্ভ হৈছে কোকৰাঝাৰ ক্ৰাফট মেলা৷ কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰণালয়ৰ উন্নয়ন আয়ুক্তৰ সহযোগত তথা বিটিচিৰ ব্ৰাফেডৰ উদ্যোগত ১০ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ক্ৰাফট মেলা সোমবাৰে বিয়লী বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে বিটিচি নগৰ উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে৷

উদ্বোধনী অনুষ্ঠানত ব্ৰাফেডৰ পৰিচালন সঞ্চালক এন এন ৰাণা পাটগিৰীয়ে সদৰী কৰা মতে কোকৰাঝাৰ ক্ৰাফট মেলাত উত্তৰ পূৰ্বাঞ্চলৰ উপৰিও জম্মু কাশ্মীৰ, পাঞ্জাব, দিল্লী, হৰিয়ানা, অন্ধ্ৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, উত্তৰ প্ৰদেশ আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ ক্ৰাফট শিপিনী আৰু শতাধিক প্ৰতিষ্ঠানে অংশ গ্ৰহন কৰিছে৷ ক্ৰাফট শিপিনীসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰ তৈয়াৰ কৰি দিয়াৰ উদ্দেশ্যেৰে ব্ৰাফেডে এনে ধৰণৰ মেলাৰ আয়োজন কৰি আহিছে বুলি উল্লেখ কৰে। 

পাটগিৰীয়ে লগতে কয় যে, বিশেষকৈ বিটিচি এলেকৰা ক্ৰাফট শিপিনীসকলে তৈয়াৰ কৰা সামগ্ৰী সমূহ দেশৰ বিভিন্ন প্ৰান্তৰ উপৰিও বিদেশৰ বজাৰত বিক্ৰীৰ বাবে ব্ৰাফেডে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই ব্যৱস্থাৰ জৰিয়তে বিটিচিৰ শিপিনীৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ বিদেশৰ বজাৰলৈ ৰপ্তানি কৰি থকা হৈছে বুলিও পাটগিৰীয়ে সদৰী কৰে৷

দহ দিন ধৰি চলিব লগা কোকৰাঝাৰ ক্ৰাফট মেলাৰ জৰিয়তে ৯০ লাখ টকাৰ সামগ্ৰী বিক্ৰীৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত কোকৰাঝাৰবাসী ৰাইজৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিব বুলি পাটগিৰীয়ে আশা প্ৰকাশ কৰে৷ কোকৰাঝাৰ ক্ৰাফট মেলাৰ উদ্বোধনী অনুষ্ঠানত বিটিচিৰ প্ৰধান সচিব বিৰেন চন্দ্ৰ ফুকন, বিটিচি হস্ততাঁত বিভাগৰ সঞ্চালক দিবাকৰ গোস্বামী আৰু ব্ৰাফেডৰ অধ্যক্ষ বিনোদ নাৰ্জাৰীকে ধৰি কইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷