ডিফুৰ বিৰলাত CRPFৰ ২০-বিএনৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন

ডিফুঃ কাৰ্বি পাহাৰৰ ডিফুৰ বিৰলাস্থিত ২০-বিএন চিআৰপিএফৰ মুখ্য কাৰ্যালয়ত সোমবাৰে চিআৰপিএফৰ ২০-বিএনৰ সোণালী জয়ন্তী বৰ্ষ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ সোমবাৰে পুৱা বাহিনীৰ পতাকা উত্তোলন কৰে কমাণ্ডেন্ট অনিল কুমাৰে৷

ইয়াৰ পিছতে বাহিনীৰ কোৱাৰ্টাৰ গাৰ্ডত শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দ্বিতীয় কামাণ্ড অধিকাৰী সুবীৰ কুমাৰ গঙ্গোপধ্যায়, উপ-কমাণ্ডেন্ট ৰাজেশ কুমাৰ আৰু চিপাহীসকলে৷ সন্ধিয়া বন্তি প্ৰজ্বলন কৰাৰ পাছত সাংস্কৃতিক কাৰ্যসূচীৰ শুভ উদ্ধোধন কৰে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ প্ৰধান সচিব মহাদানন্দ হাজৰিকাই৷

সাংস্কৃতিক কাৰ্যসূচীত বাহিনীৰ জোৱান আৰু স্থানীয় শিল্পীয়ে সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰি দৰ্শকসকলক আপ্লুত কৰে৷ ন-পুৰণিৰ জোৱানৰ মাজত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়৷ ১৯৫৮ চনৰ ১ জানুৱাৰীত জম্মু কাশ্মীৰ ৰাজ্যৰ উখনুৰত গঠন হোৱা চিআৰপিএফৰ ২০-বিএনে দেশৰ প্ৰতিটো চুকে-কোণে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে আইন-শৃংখলা ৰক্ষাৰ বাবে কাম কৰি আহিছে৷

২০০৯ চনৰ জুন মাহৰ পৰাই পাহাৰীয়া জিলা কাৰ্বি আংলঙত সততা আৰু সাহসেৰে কৰ্তব্য সম্পাদন কৰি কেইবাটাও সফল অভিযান চলোৱা ২০-বিএনে সোমবাৰে সোণালী জয়ন্তী বৰ্ষ পালন কৰে৷ সাংস্কৃতিক কাৰ্যসূচীত মুখ্য অতিথি কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ প্ৰধান সচিব মহাদানন্দ হাজৰিকা, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং জিলাৰ উপায়ুক্ত আদিল খান, আৰক্ষী অধীক্ষক ডঃ জি ভি শিৱ প্ৰসাদ আৰু গাৰোৱাল ৰেজিমেণ্টৰ কৰ্ণেল জয় বিজয় ৰাৱটে৷