চলন্ত ৰেলত উঠিবলৈ গৈ অসমৰ চিআৰপিএফৰ জোৱানৰ মৃত্যু

অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰী ৰেল ষ্টেচনত শনিবাৰে এখন চলন্ত যাত্ৰীবাহী ৰেলত উঠিবলৈ গৈ পিছলি পৰি মৃত্যুক আকোৱালি লয় এগৰাকী চিআৰপিএফ জোৱানে৷ বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত লালমাটি গনেশপুৰৰ নিবাসী মহম্মদ আলি(৫৫) নামৰ চিআৰপিএফৰ জোৱানজনে ছুটিলৈ ঘৰত অহাৰ পিছত নিজ গৃহৰ পৰা শনিবাৰে কৰ্মস্থলী ডিমাপুৰ অভিমুখে যাবলৈ নিউ বঙাইগাঁৱৰ পৰা যাবৰ বাবে ৰেলত উঠাৰ চেষ্টা কৰে৷

জানিব পৰা মতে, চলন্ত ৰেলখনত দৌৰি উঠিবলৈ চেষ্টা কৰোঁতে পিছলি ৰেললাইনত পৰি যোৱাত ৰেলখনে মহতিয়াই লৈ যোৱাত লোকজনৰ শৰীৰ ছিন্ন-ভিন্ন হৈ পৰে। আনপিনে, এই দৃশ্য ষ্টেচনত থকা কেইগৰাকীমান যাত্ৰী আৰু স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ততাতৈয়াকৈ ঘটনাস্থলীত আৰক্ষী আৰু ৰেলবিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে৷

উল্লেখ্য যে, অভয়াপুৰী ৰেল ষ্টেচনৰ প্লেটফৰ্ম নিৰ্মাণত কাৰিকৰীগত বিসংগতি হোৱাৰ ফলত যাত্ৰীসকলে ৰেলত অতি বিপদজনক বাবে উঠা-নমা কৰিবলগীয়া হয় বুলি স্থানীয় ৰাইজ দীৰ্ঘ দিনে অভিযোগ উত্থাপন কৰে৷