দৰঙৰ চাঞ্চল্যকৰ ডকাইতিৰ মাষ্টাৰ মাইণ্ড সহ তিনি জন আটক

খাৰুপেটীয়াঃ দৰঙৰ দলগাঁৱত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতিৰ মাষ্টাৰ মাইণ্ড ৰফিকুল ইছলাম সহ মজিদ আলী আৰু খলিল আলীক দলগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ ডকাইতৰ দলটোৰ পৰা দুটা হস্ত নিৰ্মিত কাঠৰ বন্দুক, দুযোৰ সেনাৰ পোচাক, দুটা টুপী, নগদ ১৮ হাজাৰ টকা আৰু ৫ জাই সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে। 

উল্লেখযোগ্য যে, ৯ অক্টোবৰৰ পুৱতি নিশা দলগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক মুছলিম উদ্দিন আহমেদৰ ঘৰৰ খিৰিকী ভাঙি প্ৰৱেশ কৰা সেনাৰ পোচাকত পৰিহিত তিনিজনীয়া ডকাইতৰ দলটোৱে হস্ত নিৰ্মিত বন্দুক দেখুৱাই লুটি নিছিল নগদ ১ লাখ ২৫ হাজাৰ টকাৰ লগতে মূল্যৱান আ-অলংকাৰ। 

উক্ত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড দলগাঁৱৰ গৰাঘাটৰ ৰফিকুল ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিত ঢেকিয়াজুলি আৰক্ষীয়ৰ সহযোগত দলগাঁও আৰক্ষীয়ে অভিযান চলাই শোনিত জিলাৰ ঢেকিয়াজুলি থানাৰ অন্তৰ্গত ধোপগুৰি গাঁৱৰ পৰা খলিল আলী আৰু দলগাঁৱৰ গৰাঘাটৰ পৰা মজিদ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷