
অভয়াপুৰীঃ অভয়াপুৰীৰ বৰনাৰিকলা আঞ্চলিক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মন্দিৰৰ মূৰ্ত্তি ভঙাৰ লগতে মন্দিৰৰ আচবাব লণ্ড-ভণ্ড কৰাক কেন্দ্র কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। প্ৰাপ্ত তথ্য মতে, বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী বৰনাৰিকলাস্থিত আঞ্চলিক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মন্দিৰৰ পূজাৰী গৰাকীয়ে বুধবাৰ ৰাতিপুৱা নিত্য পূজা কৰিবলৈ আহি মন্দিৰ গৃহৰ দুৱাৰখন খোলা অৱস্থাত প্ৰত্যক্ষ কৰে৷ ভিতৰলৈ সোমাই গৈ মন্দিৰটোৰ কৃষ্ণ আৰু ৰাধাৰ মূৰ্ত্তি কোনোবা দুৰ্বৃত্তই ভঙাৰ লগতে অন্যান্য সামগ্ৰী লণ্ড-ভণ্ড কৰা হৈ পৰি থকা দেখা পায়।
আনহাতে সেইখিনি সময়তে স্থানীয় এগৰাকী মহিলাই শৰাই এখন আগবঢ়োৱাৰ উদ্দেশ্যে মন্দিৰত উপস্থিত হৈ একেই দৃশ্য প্ৰত্যক্ষ কৰাত দুয়োগৰাকীয়ে মন্দিৰ পৰিচালনা সমিতিক ঘটনা সন্দৰ্ভত অৱগত কৰে। এই সমগ্র ঘটনাটো অঞ্চলটোত বিয়পি পৰাত মন্দিৰ পৰিচালনা সমিতিৰ বিষয় ববীয়াকে ধৰি বহুসংখ্যক স্থানীয় ৰাইজ মন্দিৰ চৌহদত সমবেত হৈ দোষীক কৰায়ত্ত কৰাৰ দাবী তুলি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
ইপিনে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিব পাৰি ততালিকে ঘটনাস্থলীত উপস্থিত হৈ দোষীক কৰায়ত্ত কৰাৰ আশ্বাস দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে কোনো দুষ্টচক্ৰই অঞ্চলটোৰ শান্তি-সম্প্ৰীতি বিঘ্নিত কৰাৰ উদ্দেশ্যে এই অপকাণ্ড সংঘটিত কৰা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।