
ঢেকীয়াজুলিঃ অৰুণাচল প্ৰদেশৰ পাঁচিঘাটত থকা পুত্ৰৰ ঘৰৰ পৰা শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহচক্ৰৰ এৰাসুঁতি গাঁৱৰ নিজা গৃহলৈ ৰেলেৰে অহা এগৰাকী বয়োজেষ্ঠ মহিলা ৰেল দস্যুৰ হাতত ৰঙাপাৰা ৰেলৱে ষ্টেচনত সৰ্বশ্ৰান্ত হোৱাৰ এক মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে৷ উৰ্মিলা দেৱী (৬৪) নামৰ এই মহিলা গৰাকী বৰ পুত্ৰ বিজয় শৰ্মাৰ ঘৰৰ পৰা ১১ অক্টোবৰৰ সন্ধিয়া জোনাইৰ পৰা কামাখ্যা গেটলৈ চলা "লাচিত এক্সপ্ৰেছ" ৰেল খনত উঠি আহি নিশা ১২ বজাত নামিছিল শোণিতপুৰৰ ৰঙাপাৰা ৰেলৱে ষ্টেচনত৷
একাংশ যাত্ৰীৰে সৈতে মাজনিশা ষ্টেচনত নামি পৰা যাত্ৰী গৰাকীয়ে ষ্টেচনৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দুৰত্বত থকা ঠেলামৰাৰ বাসগৃহলৈ আহিবলৈ যাতায়তৰ কোনো সুবিধা নথকাত নিশাটো ষ্টেচনতে কটোৱাৰ সিদ্ধান্ত লৈ তাতে বহি পৰে৷ পাছত বৃদ্ধা মহিলা গৰাকী বহি থকা স্থানৰ কাষতে দুজন যুৱকো আহি বহে৷ সহজ সৰল মহিলা গৰাকীৰ লগত দুই যুৱকে পৰিকল্পিত ভাবেই চা-চিনাকী হৈ কম সময়ৰ ভিতৰতে আত্মীয়তা গঢ়ি তোলে৷
ইয়াৰ পিচত আৰম্ভ কৰে চাহ খোৱাৰ পৰ্ব৷ ‘মা আপোনাৰ টোপনি ভাঙি যাব আমাৰ লগতে একাপ চাহ খাওক’ বুলি মহিলা গৰাকীক নিজৰ অভিষ্ট সিদ্ধিৰ বাবে চিকাৰ কৰি লয়৷ কিয়নো চাহ খোৱাৰ পাছতেই অচেতন হৈ পৰিল নিৰ্মলা দেৱী৷ মহিলা গৰাকীয়ে পিন্ধি অহা সোনৰ গহনা, যাৱতীয় কাপোৰ কানিৰ বেগ, টকা পইছা, ম’বাইল সকলোবোৰ লৈয়ে ক্ষান্ত নাথাকি দুই দুৰ্বিত্তই সৰ্বশ্ৰান্ত মহিলাগৰাকীক অচেতন অৱস্থাতেই এখন উজনীমুৱা ট্ৰেনত উঠাই দিয়ে৷
১২ অক্টোবৰৰ বিয়লি যেতিয়া মহিলা গৰাকীৰ চেতনা ঘুৰি আহে, তেতিয়া ৰেলখন গৈ ধেমাজি পালেগৈ৷ কেইজনমান হৃদয়বান যাত্ৰীৰ সহযোগত এইবাৰ মহিলা গৰাকী নামি পৰিল ধেমাজিত৷ সৌভাগ্যক্ৰমে ধেমাজি চহৰৰ বি কে পথত থকা মহিলাগৰাকীৰ আত্মীয় কানেশ্বৰ শৰ্মাই অসহায় মহিলাগৰাকীক উদ্ধাৰ কৰি নিজা বাসগৃহত আশ্ৰয় দিছে বুলি জানিব পৰা গৈছে৷ এই সমস্ত ঘটনা বিৱৰি উৰ্মিলা দেৱীয়ে এতিয়া জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াত ৰেলৱে বিভাগ ব্যৰ্থ হোৱা বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷
আনহাতে বিধবা মহিলা গৰাকীৰ পাঁচিঘাটত ব্যৱসায় সূত্ৰে থকা জ্যেষ্ঠ পুত্ৰ বিজয় শৰ্মা আৰু ঠেলামৰাত থকা কণিষ্ঠ পুত্ৰ অজয় শৰ্মাৰ পৰিয়ালত হুৱাদুৱা লাগি পৰিছে৷ দুয়ো পুত্ৰই ৰেলৱে ষ্টেচনত ৰেলৱে আৰক্ষী তথা নিৰাপত্তাৰ ব্যৱস্থা থকাৰ পিচটো কিদৰে এগৰাকী যাত্ৰী এনেদৰে সৰ্বশ্ৰান্ত হ’ব লগা হ’ল সেইলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ এনেদৰেই বহু যাত্ৰী দুৰ্বৃত্তৰ হাতত সৰ্বশ্ৰান্ত হৈ অহাৰ বহু ঘটনা ঘটি অহাৰ পাছটো ৰেলৱে বিভাগে যাত্ৰী সকলৰ নিৰাপত্তাৰ দিশটোত গুৰুত্ব প্ৰদান নকৰাটোৱে ৰাজ্যখনত বিভাগটোৰ ফোপোলা স্বৰূপটো উদঙাই দিছে৷