গহপুৰত কৃষক সভাৰ কৃষক সমাবেশ

বিহালীঃ কৃষক মহাসভাৰ বিশ্বনাথ জিলা সমিতি আৰু চিপিআই (এম-এল)ৰ উদ্যোগত গহপুৰত সোমবাৰে এখন কৃষক সভা অনুষ্ঠিত হৈ যায়৷ স্থানী মিছিং ভৱনত অনুষ্ঠিত সভাখনত কৃষকৰ ভুমিৰ অধিকাৰৰ লগতে কৃষকৰ বহু সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়৷

স্থানীয় সমাজকৰ্মী বিনন্দ মুছাহাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অতিথি হিচাপে অংশগ্ৰহন কৰে কৃষক মহাসভাৰ মূখ্য আহ্বায়ক বলীন্দ্ৰ শইকীয়া, চিপিআই এম-এলৰ ৰাজ্যিক সভাপতি বিবেক দাস, সম্পাদক ৰুবুল শৰ্মা, কৃষক মহাসভাৰ সদস্য লক্ষীকান্ত কূৰ্মী, বিপ্লৱী যুৱ-সন্থাৰ মুখ্য আহ্বায়ক পৰিমল গোঁড, ধনঞ্জয় দাস, বিকাশ চুব্বা অসম সংগ্ৰামী চাহ-শ্ৰমিক সংঘৰ বিশ্বনাথ চক্ৰ সমিতিৰ সভাপতি নৰোত্তম চুণ্ডী সম্পাদক কৃষ্ণ পাইকে।

কৃষক মহাসভাৰ আহ্বায়ক সদস্য অনন্ত হাজৰিকাই পৰিচালনা কৰা সভাখনত পাঁচ শতাধিক কৃষক-ৰাইজৰ উপস্থিতি থাকে৷ কৃষকৰ ভুমিৰ অধিকাৰৰ ক্ষেত্ৰত ৬ দফীয়া দাবী সন্মিলীত এখন স্মাৰক পত্ৰ গহপুৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুুখ্যমন্ত্ৰীলৈ প্ৰেৰন কৰে সংগঠনকেইটাই৷