
গোসাঁইগাঁওঃ ৰাজ্যত এতিয়া আৰক্ষীৰ গুলীত মানুহ মৰিলেও মাত মাতিবলৈ কোনো নাই৷ নিশাৰ এন্ধাৰত বন্দুকেৰে কাৰোবাক গুলীয়াই হত্যা কৰিলেও ৰাজ্যত প্ৰতিবাদ নহয়৷ আগৰ চৰকাৰৰ দিনত মানুহৰ মৃত্যুৰ পৰা হাতীৰ মৃত্যুলৈকে একাংশ লোকে প্ৰতিক্ৰিয়া দিবলৈ সাজু হৈ আছিল৷ পুৱাৰে পৰা একাংশ সংগঠনে ৰাজ পথ উত্তাল কৰিছিল৷ কিন্তু চৰকাৰ সলনি হোৱৰ লগে লগে একাংশ সংগঠনো সলনি হ’ল৷
এতিয়া গুলীয়াই মানুহ মাৰিলেও প্ৰতিবাদ কৰাটো দূৰৰ কথা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আগবাঢ়ি নাহে একাংশ দল-সংগঠনৰ নেতা-কৰ্মী৷ তাৰ লগে লগে বিৰোধি কংগ্ৰেছ, ইউডিএফে শই আছে৷ বিৰোধিৰ লগতে একাংশ সংগঠন এতিয়া নিমাত৷ তিনিচুকীয়াৰ জিলাৰ বৰডুমছা থানাৰ অন্তৰ্গত সোনজান শিমলুগুৰি গাঁৱত সোমাবাৰে নিশা প্ৰায় ৬.৪৫ বজাত আলফাৰ এটি ৩ জনীয়া দলে সামৰিক পোছাকত আহি পিতা পুত্ৰ অন্তেশ্বৰ মহন্ত আৰু কৰুণ মহন্তক গুলীয়াই হত্যা কৰে৷
কিন্তু একাংশ সংগঠন নিমাত হৈ থাকিল৷ একাংশ সংগঠনৰ কেন্দ্ৰীয় নেতাই গৰিহণা দিবলৈ সময় নাপালে৷ তিনিচুকীয়াৰ ঘটনাৰ উত্তেজনা মাৰনৌযাওঁতেই পুনৰ মহলবাৰে নিশা এগৰাকী কৃষকক গুলীয়াই হত্যা কৰে কোকৰাঝাৰত৷ কোকৰাঝাৰৰ গোসাঁইগাঁৱত কৃষকক শোৱাপাটীতে গুলীয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে এই কাণ্ডক কোনেও সহজে লব খোজা নাই৷ এই ঘটনাৰ পিছতো ৰাজ্যৰ জাতীয় সংগঠনেই হওক নতুবা আন আন দলেই হওঁক সকলোৱে চৰকাৰৰ বিৰুদ্ধে মাত দিবলৈ আহৰি পোৱা নাই৷ চৰকাৰৰ বিৰুদ্ধে মাত দিবলৈ এতিয়া কোনো নাই৷
প্ৰায় তিনি বছৰ পূৰ্বে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি উঠিছিল৷ এতিয়া মুল খুটিৰ জাতীয় সংগঠনৰ কোনো সংগঠনে মাত দিয়া দেখা নাযায়৷ গোসাঁইগাঁৱত শোৱাপাটীতে গুলিয়াই হত্যা কৰে এজন আদিবাসী লোকক৷ জীৱন সম্পত্তিৰ সম্পত্তিৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে ৰাইজ৷ ডিৰাকত পিতা-পুত্ৰক গুলীয়াই হত্যা কৰাৰ পিছতে মঙলবাৰে শোৱাপাটীতে কৃষকক গুলীয়াই হত্যা কৰে কোকৰাঝাৰত৷
কোকাৰঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ গুৰুফেলা আৰক্ষী চকীৰ অন্তৰ্গত নাৰায়ণগুৰিত মঙলবাৰে নিশা প্ৰায় ১ বজাত ঘাহায় মুৰ্মু নামৰ কৃষক জনক নিজ ঘৰতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে৷ পেটত গুলী লগত থিতাতে নিহত হয় মুৰ্মু৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷ নাৰায়ণগুৰি গাঁৱৰ বাসিন্দা তথা খেতিয়ক ঘাহায় মুৰ্মু নামৰ লোকজন নিশা শুই থকা সময়ত নিশা ১২.০০ মান বজাত দুৰ্বৃত্তৰ এটা দলে গৃহত প্ৰৱেশ কৰি শোৱাপাটীতেই গুলী চালনা কৰে৷ পেটত গুলি লাগি মৃত্যু হয় কৃষকগৰাকীয়ে।