আপোন পাহৰা হ’ল আৰক্ষী, গীত-কবিতাৰ মাজত ডুবিল নলবাৰীৰ আৰক্ষী

নলবাৰীঃ বন্দুক লৈ সময় পাৰ কৰা মানুহবোৰে কেইবাঘন্টা পাৰ কৰিলে গীত-কবিতা-ৰসৰ মাজত৷বিহু-উৎসৱ বুলি আপোন ঘৰ খনলৈ যাবলৈ আহৰি নোপোৱা আৰক্ষীৰ লোকসকলে যেতিয়া গীত গাব, কবিতা আওৰাব সুবিধা পায় তেতিয়া আপোন পাহৰা হোৱাটো স্বাভাবিক৷ দিনৰ-দিনটো আনৰ জীৱন সম্পত্তিৰ ৰক্ষা কৰাত নিয়োজিত হৈ থকা আৰক্ষীৰ লোকসকল এতিহ্যমণ্ডিত ৰাস মহোৎসৱত এদিনৰ বাবে আপোন পাহৰা হল৷

নলবাৰীৰ হৰিমন্দিৰৰ ৮৪ তম ৰাস মহোৎসৱৰ দ্বিতীয় গ্ৰন্থ মেলাত সোমবাৰে নিশা অনুষ্ঠিত হৈছিল ‘আৰক্ষীৰ এঘণ্টা‘ শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠানৰ৷ মহোৎসৱৰ গ্ৰন্থ মেলাৰ উপ-সমিতিৰ তত্বাৱধায়ক সুভাষ দেৱ নাথ, আহ্বায়ক দিলজিৎ বৰ্মন, সদস্য দিগন্ত মিশ্ৰ, মিতালি তালুকদাৰে আতঁ ধৰা অনুষ্ঠানটো।

নলবাৰীৰ আৰক্ষী অধীক্ষক হেমন্ত ভট্টাচাৰ্য, আৰক্ষী বিষয়া বিস্মিতা লিখক, ডি এছ পি জুপি বৰদলৈ, বেলশৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপুল বড়ো, ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰ্মন, নলবাৰী থানাৰ টি এছ আই হেমেন্দ্ৰ সিং, নলবাৰী থানাৰ সহ-পৰিদৰ্শক মনালিছা মাধৱ ভকত, গংগাৰাম বৈশ্য, বেলশৰ থানাৰ বিষয়া তিলক ঠাকুৰীয়া, ধৰিত্ৰী মালাকৰ সহ বহু সংখ্যক বিষয়া, কনিষ্টবল উপস্থিত থাকে।

অনুষ্ঠানত আৰক্ষী অধীক্ষক হেমন্ত ভট্টাচাৰ্যৰ অনুভৱ আৰু কবিতা পাঠ, বিস্মিতা লিখকৰ কবিতা পাঠ, জুপি বৰদলৈৰ অনুভৱৰ সফুঁৰা, মনালিছা মাধৱ ভকতৰ বিহু সুৰীয়া সংগীত তথা এগৰাকী কনিষ্টবলৰ কৌতুকে সমবেত ৰাইজক আপ্লুত কৰে। তদুপৰি এগৰাকী আৰক্ষী বিষয়াই 'মানুহে মানুহৰ বাবে' সংগীত পৰিবেশন কৰি প্ৰমাণ কৰে আৰক্ষীয়ে দেখুৱাব পাৰে প্ৰতিভা৷