আৰক্ষীৰ নিদ্ৰা হৰণ কৰা চাৰি ডকাইতক আটক

ৰঙিয়া: মহকুমাৰ সোনেশ্বৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ এটিএম ডকাইতি কাণ্ডৰ সৈতে জড়িত থকা চাৰি ডকাইটক  আজি আৰক্ষীয়ে এক অভিযান চলাই আটক কৰে।

ৰঙিয়া মহকুমা আৰক্ষী বিষয়া প্ৰণৱ পেগুৱে ডকাইত কেইজনক চেন্নাইলৈ ৰেলেৰে গৈ থকা অৱস্থাতে ৰেলৰ পৰা আটক কৰে। যোৱা ১৩ তাৰিখে কমলপুৰ থানাৰ অন্তৰ্গত সোনেশ্বৰস্থিত এছবিআইৰ এটিএমটো ডকাইতে লুটি লৈ গৈছিল। মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে ধৃত ডকাইত কেইজন জড়িত থকাটো নিশ্চিত হৈ অভিযান অব্যাহত ৰখিছিল।

ধৃত ডকাইত কেইজনে আজি চেন্নাইলৈ পলাব বিচাৰোতে সৰুপেটা ৰেল ষ্টেশ্যনত ৰেল ৰখাই ডকাইত কেইজনক আটক কৰে। ৰঙিয়া শৌলমাৰীৰ ৰেকিব আলী ওৰফে টিকলা, তামুলপুৰৰ দিপাংকৰ ডেকা, নলবাৰী শান্তিপুৰৰ মুন্না আহমেদক আটক কৰাৰ পাছৰে পৰা সোধপোছ অব্যাহত ৰখিছে যদিও শুৱালকুছি ৰৌমাৰী চৰৰ চৈয়াদ আলী নামৰ ডকাইত জন পলাব চেষ্টা কৰোতে আহত হৈ চিকিৎসালয়ত ভৰ্তি কৰাব লগা হয়।  

উল্লেখযোগ্য যে বিগত দিনসমুহত আৰক্ষীৰ মুৰৰ কামোৰণী স্বৰূপ হৈ পৰিছিল ডকাইতকেইটা৷ চহৰখনৰ কেইবাটাও ডকাইতিত জড়িত আছিল এই ডকাইতকেইটা৷