নগাঁৱৰ দগাঁৱত শিশু গ্ৰন্থমেলা, সংখ্যালঘু এলেকাত বৌদ্ধিক আন্দোলন গঢ়াৰ সংকল্প

নগাঁওঃ নগাঁও জিলাৰ সংখ্যালঘু অধ্যুষিত জুৰীয়া অঞ্চলত বৌদ্ধিক আন্দোলনৰ ক্ষেত্ৰত প্ৰথমবাৰৰ ভাবে আৰম্ভ হ'ব এক নতুন পৰম্পৰা। বৃহত্তৰ দগাঁও গ্ৰন্থমেলা আয়োজক  সমিতিৰ উদ্যোগত আৰু দগাওঁ আদৰ্শ জাতীয় বিদ্যালয় সহযোগত ওচমান আলী সদাগৰ সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ৩০, ৩১ মাৰ্চ আৰু ১ এপ্ৰিলত শিশু গ্ৰন্থমেলা-২০১৮ৰ অনুষ্ঠিত হ’ব। 

বৰ্তমানৰ যান্ত্ৰিক যুগত শিশুসকলক চছিয়েল মিডিয়া, মোবাইল, লেপটপৰ কু-প্ৰভাৱৰ পৰা আঁতৰাই গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰা, গ্ৰন্থ অধ্যয়নেই যে জ্ঞানৰ একমাত্ৰ ভড়াল তাক শিশুসকলক উপলব্ধি কৰোৱাৰ লক্ষৰে মুলতঃ আয়োজক সমিতিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।

শিশু গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি প্ৰথম দিনা সাংস্কৃতিক শোভাযাত্ৰা, চিত্ৰকলা প্ৰদৰ্শন, আদৰ্শ পুথিভঁৰাল উদ্ধোধন, ছাত্র-ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, জিকিৰ-জাৰি প্ৰতিযোগিতাৰ লগতে নৃত্য প্ৰদৰ্শন আৰু চুটি নাট মঞ্চস্থ কৰা হ'ব।

দ্বিতীয় দিনা অৰ্থাৎ ৩১ মাৰ্চত কবিতা আবৃত্তি আৰু তৰ্ক প্ৰতিযোগিতা, ব্যক্তিত্ব, দক্ষতা বিকাশৰ ওপৰত কৰ্মশালা, আধুনিক গীত পৰিৱেশন আদি অনুষ্ঠিত হ'ব। ১ এপ্ৰিলত আন্ত:বিদ্যালয় ডিজিটেল কুইজ প্ৰতিযোগিতা, ডিজিটেল যুগত গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা, মাদক দ্ৰব্য আৰু আজিৰ যুৱ-শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। 

সিদিনা বিয়লি অনুষ্ঠিত মুকলি সভাত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি তথা নাট্যকাৰ, অভিনেতা জ্ঞানদা বৰা, বিশিষ্ট লিখক, সাহিত্যিক ডাঃ ৰেজাউল কৰিম, শিক্ষাবিদ ফজলুল হক মৰল, বিধায়ক ক্ৰমে নুৰুল হুদা, আমিনুল ইছলাম আদিকে ধৰি বহুক‌ইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোগক্তাসকলে জনাইছে।

শিক্ষা-দীক্ষাকে ধৰি সৰ্বদিশতে পিছপৰা অঞ্চলটোত অনুষ্ঠিত হ'বলগা গ্ৰন্থমেলাখন সাফল্য মণ্ডিত কৰি তুলিবলৈ সকলো শ্ৰেণীৰ সচেতন ৰাইজ আৰু গ্ৰন্থপ্ৰেমী ৰাইজক উদ্যোক্তা সমিতিৰ সভাপতি ড০ মফিজুৰ ৰহমান চৌধুৰী, প্ৰধান সম্পাদক শ্বৰিফুল ইছলামে আৰু প্ৰচাৰ সম্পাদক মাজিদুল ইছলামে আহ্বান জনায়।