
ৰঙিয়াঃ কামৰূপ জিলাৰ দক্ষিণ ৰঙিয়া প্ৰেছ ক্লাৱত বুধবাৰে লেখক কোকিল শৰ্মাৰ তৃতীয়খন গ্ৰন্থ ‘বিজ্ঞানৰ কালজয়ী আৱিষ্কাৰসমূহ’ উন্মোচন কৰা হয়৷
এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট লেখক দেৱেন ডেকাই৷ সৰস্বতী ডি এন প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনত বিজ্ঞান আৰু আৱিষ্কাৰ সম্পৰ্কীয় কেইবাটাও প্ৰৱন্ধ সন্নিৱিষ্ট কৰা হৈছে৷
গ্ৰন্থখনে ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে উন্মোচক দেৱেন ডেকাই৷ অনুষ্ঠানত সাংবাদিক তৰণী চৰণ কলিতা, দীপক দাস, প্ৰশান্ত চৌধুৰী সহিতে কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে৷