
নাৰায়ণপুৰঃ নাৰায়ণপুৰ জৰাবাৰী চাৰিআলি ব্যৱসায় সন্থাৰ উদ্যোগত অহা শনিবাৰে দিহানাম আৰু আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা দিহানাম প্ৰতিযোগিতাৰ উদ্ধোধন কৰিব পিছলাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গুণীন্দ্ৰ বৰাই।
৬.৩০ বজাৰ পৰা আধুনিক নৃত্য প্ৰতিযোগিতাৰ উদ্বোধন কৰিব নাৰায়ণপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুশীল কুমাৰ ভূঞাই। ঠাকুৰদলনী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক পদ্মেশ্বৰ শইকীয়া অতিথি হিচাপে উপস্থিত থাকে৷