♦ দৰঙৰ দলগাৱঁত পিষ্টল, ডেগাৰ সহ পাঁচজন দুধৰ্ষ ডকাইত আটক

খাৰুপেটীয়াঃ দৰঙৰ দলগাঁও থানাৰ আৰক্ষীয়ে কালি নিশা এক অভিযান চলাই অস্ত্ৰসহ তিনিজন দূৰ্ধৰ্ষ ডকাইতক আটক কৰিবলৈ সক্ষম হয়৷ বেছিমাৰীৰ লাইন হোটেল এখনত ডকাইতৰ দলটোৱে বহি থকা বুলি গোপন খবৰৰ ভিত্তিত দলগাঁও আৰক্ষীয়ে নিশা আটক কৰে তিনিজনীয়া ডকাইতৰ দলটোক৷
দলটোৰপৰা আৰক্ষীয়ে এটা পিষ্টল, তিনিটা ডেগাৰ আৰু পাঁচ জাঁই গুলী উদ্ধাৰ কৰে৷ দলটোৱে নিশা কৰবাত ডকাইতি কাৰ্যৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ কৰা হৈছে৷
ডকাইতকেইটা ছাবেদ আলী, আৰিফুদ্দিন আৰু ফজৰ আলী৷ ইয়াৰে দুটাৰ ঘৰ দলগাঁৱৰ ধনশ্ৰীকাষ গাঁৱত আৰু এজনৰ ঘৰ ধুলাৰ মাগুৰমাৰীত৷
ডকাইতৰ দলটোৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বুধবাৰে বিভিন্ন স্থানত অভিযান চলাই ভেৰভেৰি গাঁৱত সাহজাহান আলীৰ ঘৰত অস্ত্ৰ নিৰ্মাণ কৰা কাৰখানা উৎখাত কৰাৰ লগতে সাহজাহান আলী আৰু বৰঝাৰৰ সাহা আলী নামৰ দুজনক আটক কৰিবলৈ সক্ষম হয়৷ এই সন্দৰ্ভত আৰক্ষীয়ে ব্যপক অনুসন্ধান আৰম্ভ কৰিছে।