
newsnextone.com | মঙলদৈঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷ দল-সংগঠন, সামাজিক সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান, ব্যক্তি বিশেষে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ বিজেপিয়ে আইনত পৰিণত কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে দৰঙবাসী৷
দৰং জিলা আছুৰ জিলা আছুৰ উদ্যোগত সোমবাৰে মঙলদৈত ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ লোক। অসমীয়া জাতি বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দৰং জিলা ছাত্ৰ সন্থাৰ লগতে দৰঙৰ বিভিন্ন দল-সংগঠনে মঙলদৈ চহৰৰ কঁপাই তোলে৷
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাপায়ন কৰা জোৰ সমদলত দৰং আছুৰ সভাপতি খনিন্দ্র ৰাজবংশী, সম্পাদক পৰাগ কুমাৰ চহৰীয়া উপ-সভাপতি নিৰঞ্জন শইকীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অৰূপ কলিতা, জামান ওৱাহিদুৰ খণ্ডকাৰ উপস্থিত থাকে৷
জোঁৰ সমদলত যুৱ-ছাত্ৰ পৰিষদ, অসম গণ পৰিষদ, কৰ্মচাৰী পৰিষদ, গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ, মঙলদৈ প্ৰেছ ক্লাৱ, মঙলদৈ ভেৱাৰ ঘাট সৰু গাড়ী সন্থা, দৰং জিলা মহিলা সমিতি, চিৰসেউজী সমবায় সমিতি, লেখিকা সমাৰোহ, দ্বিপানিতা বোৱা কটা সমবায়, নাগৰিক মঞ্চ, দৰং জিলা সাহিত্য সভাই অংশ লয়৷