
মঙলদৈঃ দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কাকো ৰেহাই দিয়া নহ’ব বুলি হুংকাৰ দিয়াৰ সময়তে অসম আৰক্ষীৰ জালত পৰিল এগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়া৷ দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহীৰ পিছত এইবাৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত খণ্ড উন্নয়ণ বিষয়া৷
দৰং জিলাত একাংশ বিষয়াই ব্যাপক দুৰ্নীতি সংঘটিত কৰি টকাৰ পাহাৰ সজোৱা বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে জিলা খনৰ পূৱ মঙলদৈৰ খণ্ড উন্নয়ন বিষয়া ওৱাহিদুৰ ৰহমানক কাম কৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে৷
দৰং আৰক্ষীক পূৱ মঙলদৈৰ ধুলাৰ মেহেদি আলম নামৰ লোকজনে ধন বিছাৰি বুলি অভিযোগ দিছিল৷ তাৰ পিছতে তদন্তৰ অন্তত বিষয়াগৰাকীক আটক কৰে আৰক্ষীয়ে।
জানিব পৰা মতে, মেহেদি আলম নামৰ লোকজনৰ পৰা খণ্ড উন্নয়ণ বিষয়াই কাম আদায় কৰি দিয়াৰ নামত নগদ ধন বিছাৰিছিল৷ অবৈধ ভাবে ধন সংগ্ৰহ কৰাৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে পুৰ্বৰ পৰাই থকা বুলি অভিযোগ উত্থাপন হয়৷ দৰঙ জিলা আৰক্ষীয়ে ধুলা আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বিষয়া গৰকীক।