দৰঙৰ ফুহুৰাতলী চাপৰিত উচ্ছেদ অভিযান, শুকুৰবাৰে ২০০০ বিঘা উচ্ছেদ কৰিব প্ৰশাসনে

মঙলদৈঃ নিজ ঘৰৰ পৰা কৃষি পথাৰলৈ ওলাই গৈ যোৱা দুদিন ধৰি নিৰুদ্দেশ হৈ থকা এগৰাকী কৃষকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত বৃহস্পতিবাৰে উত্তেজনাই বিৰাজ কৰিছিল দৰং জিলাত৷ একাংশ সন্দেহজনক লোকে কৃষকগৰাকীক হত্যা কৰাৰ সনদেহ কৰা হয়৷যাৰ ফলত আজিও তীব্ৰ উত্তেজনা বিয়পি আছে দৰং জিলাত৷ যিকোনো মুহূৰ্তত অঘটন সংঘটিত হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰি সস্তম হৈ আছে আৰক্ষী তথা জিলা প্ৰশাসন৷

দৰং জিলাৰ ছিপাঝাৰৰ কুৰুৱাত এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে একাংশ উত্তেজিত লোকে একাংশ সন্দেহজনক লোকৰ ঘৰত আক্ৰমণ কৰে৷ বহু ঘৰ ভীঙি পেলাই৷ দীৰ্ঘ দিনৰ পৰা দৰং জিলাৰ কুৰুৱা ফুহুৰাতলী চাপৰিত ৩০০০ বিঘা মাটি অবৈধ লোকে দখল কৰাৰ অভিযোগ উত্থাপন কৰি আহিছিল৷ তাৰ মাজতে আনন্দ দাস নামৰ কৃষকগৰাকী হঠাৎ নিৰুদ্দেশ হয় আৰু মৃতদেহ উদ্ধাৰ হয় দুদিন পিছত৷ ৰাইজ ক্ষোভিত হৈ পৰাত অৱশেষত সস্তম হ’ল দৰং প্ৰশাসন৷

তাৰ পিছতে প্ৰশাসনে উচ্ছেদ নকৰিলে ৰাইজে নিজে ৩০০০ বিঘা ভূমি উচ্ছেদ কৰাৰ হুংকাৰ দিছিল৷ অৱশেষত বৃহৎ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোকৰ সৈতে খোদ উপায়ুক্ত উপস্থিত হৈ বুলডজাৰেৰে শুকুৰবাৰৰ পুৱাৰ পৰাই এফালৰ পৰা উচ্ছেদ অভিযান চলাই দৰং জিলা প্ৰশাসনে৷ দৰঙৰ উপায়ুক্তই শুকুৰবাৰে ২০০০ বিঘা ভূমি উচ্ছেদ কৰিব বুলি জানিবলৈ দিয়ে৷ পৰবৰ্তী সময়ত পুনৰ ১০০০ বিঘা ভূমি ভূমি উচ্ছেদ কৰা হ’ব বুলি কয় উপায়ুক্তই৷ কুৰুৱাৰ ফুহুৰাতলিত চৰ-চাপৰিত চলে এই উচ্ছেদ অভিযান৷ অবৈধ নাগৰিকৰ বসতি এফালৰ পৰা উচ্ছেদ কৰে প্ৰশাসনে৷