ঘৰ চলাবলৈ লাগে ঘোচ, মঙলদৈত ঘোচ লৈ জালত পৰিল এনআৰচিৰ বিষয়া

newsnextone.com | মঙলদৈঃ চৰকাৰে মাহেকত দৰমহা দি অহাৰ পিছতো ঘৰ চলাবলৈ ঘোচ লব লগা হয় চৰকাৰী বিষয়াই৷ চৰকাৰী বিষয়াই আন আন কামত ঘোচ লোৱাৰ নজিৰ আছিল যদিও এইবাৰ নতুন ৰেকৰ্ড গঢ়ি এনআৰচিৰ কৰ্মত নিয়োজিত ৰাজ্য চৰকাৰৰ বিষয়াই ঘোচ লৈ ধৰা পৰাৰ দৰে লজ্জাজনক কাণ্ড সংঘটিত হৈছে অসমত৷ 

নগদ ধন লৈ বিভিন্ন লোকক বংশ বৃক্ষ পৰীক্ষণ কৰি দিয়াৰ অভিযোগত এনআৰচিৰ দৰং জিলাৰ জলসম্পদ সংমণ্ডলৰ কাৰ্য়ালয়স্থিত সেৱা কেন্দ্ৰৰ বিষয়া আৰক্ষীৰ জালত পৰে৷ এনআৰচিত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে বংশ বৃক্ষ পৰীক্ষণ কৰাৰ বাবে ধন দাবী কৰি গ্ৰেপ্তাৰ হল এগৰাকী পঞ্চায়ত সচিব। 

দৰং জিলাৰ জলসম্পদ সংমণ্ডলৰ কাৰ্য়ালয়স্থিত এনআৰচি সেৱা কেন্দ্ৰৰ বিষয়া তথা পুথিমাৰী গাঁও পঞ্চায়তৰ সচিব আব্দুল মালেকে ধূলা আৰক্ষী থানাৰ অন্তৰ্গত ধনশ্ৰীকাষৰ নৌচাদ আলিৰ পৰা এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণ কৰাৰ নামত ৪ হাজাৰ টকা দাবী কৰে। 

ধন দাবী কৰাৰ পাছতে নৌচাদে মঙলদৈ আৰক্ষীৰ ওচৰ চাপি ধন বিচৰাৰ কথা অৱগত কৰে৷ আৰক্ষীৰ লোক নৌচাদৰ সৈতে সাধৰণ লোকৰ ভাও ধৰি এন আৰ চি সেৱা কেন্দ্ৰটোত উপস্থিত হয় আৰু আলোচনা মৰ্মে আব্দুল মালেকক ২৫০০ টকা দিয়ে আৰু বাকী ১৫০০ টকা অহা মঙলবাৰে দিয়াৰ কথা কয়৷ 

সেই মতে মানি লয় সচিব আব্দুলে৷ নৌচাদে ২৫০০ টকা দিয়াৰ সময়তে দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষী দলে মালেকক ধন সহ গ্ৰেপ্তাৰ কৰে৷ পিছত সচিবগৰাকীক মঙলদৈ আৰক্ষী থানালৈ আনি ঘটনাৰ তদন্ত কৰে আৰক্ষীয়ে৷