নেতাই ঠগালে দৰঙীয়াক, ইনাই-বিনাই কান্দিছে দৰঙীয়াৰ অন্তৰে

মঙলদৈঃ ক্ৰমান্বয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি বৃদ্ধি হৈছে ঐতিহ্যমণ্ডিত দৰং জিলাৰ সৰ্বসাধাৰণৰ ৰাইজৰ। মাথো ১৭ মাহ পুৰ্বে হিল-দল ভাঙি প্ৰায় সংখ্যাক দৰং জিলাৰ ভোটাৰে বিজেপিয়ে নেতৃত্ব লোৱা মিত্ৰ জোঁটক ভোট দিছিল৷ দৰঙৰ ৰাইজে উন্নয়ণ তথা বহু কিবা-কিবি চাগে আশা কৰা নাছিল৷জাতি মাটি ভেটিৰ শ্ল'গানত ভোল গৈ দৰঙৰ ৰাইজে দৰঙৰ থলুৱাৰ অস্তিত্ব আধিপত্যৰ স্বাৰ্থত ভোট প্ৰদান কৰিছিল৷

কংগ্ৰেছৰ বিৰুদ্ধে ওলাই আহি বসন্ত দাসৰ দৰে কংগ্ৰেছৰ বিয়াগোম নেতাক হৰুৱাইছিল দৰঙৰ ভোটাৰে৷ পোন্ধৰ বছৰৰ কংগ্ৰেছৰ বিৰুদ্ধে পঞ্জীভূত ক্ষোভ মৰিষণ কৰিছিল যোৱা বিধান সভা নিৰ্বাচনত৷ ইভিএমৰ বুটাম টিপি কংগ্ৰেছক সকীয়াই দিছিল তহতে কৰিব নোৱাৰ কামবোৰ কৰিবৰ বাবে আমি বিকল্প বিছাৰি পাইছো৷ যিয়ে আমাক আমাৰ আবেগ অনুভূতিক গুৰুত্ব দিব৷ দৰঙৰ ৰাইজে বহু আশা কৰি ভোট দিছিল৷

বিয়াগোম বিয়োগোম নেতাক হৰুৱাই দৰঙৰ ৰাইজে প্ৰমাণ কৰিছল পোন্ধৰ বছৰে কংগ্ৰেছে তেওলোকৰ আবেগৰ সৈতে খেল খেলিছিল৷ কোনো দিনে ৰাজনীতিৰ পথাৰত সক্ৰিয় হৈ নথকা ধুমকেতুৰ দৰে ৰাইজৰ সন্মুখত থিয় দিয়া নেতাকো আকোৱালি লৈছিল ৰাইজে৷ নিৰ্বাচনৰ সময়ত বৰ বৰ কথা কৈ দৰঙৰ ৰাইজক দিয়া আশ্বাসবোৰ লাহে লাহে যেন ফুটুকাৰ ফেনত পৰিণত হ’ল৷

জাতি, মাটি ভেটিৰ কথা কৈ বিকল্প হৈ থিয় দিয়া বিজেপি, অগপ আৰু বিপিএফক ভোট দিছিল দৰঙৰ ৰাইজে৷ থলুৱাৰ আধিপত্য অটুট ৰখাৰ স্বাৰ্থত ভোট দিয়া দৰঙীয়া ৰাইজে কবলৈ বাধ্য হৈছে আমি ভোট দি জয়ী কৰোৱা সৰ্বানন্দৰ চৰকাৰে আৰক্ষী লগাই আমাৰে মুখ বন্ধ কৰিবলৈ চেষ্টা চলাইছে৷ খিলঞ্জীয়াৰ বাক স্বাধীনতাক আৰক্ষীৰ হতুৱাই কাৰোবাৰ জেপত ভৰোৱাৰ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে।

যোৱা তিনিবছৰে দৰঙৰ ৰাইজে কৰা নেৰা নেপেৰা আন্দোলনক পুৰ্বৰ কংগ্ৰেছ চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ দৰে বৰ্তমানৰ বিজিপি চৰকাৰেও তিলমানো গুৰুত্ব আৰোপ কৰা নাই বুলি দৰঙীয়া ক্ষোভিত হৈ পৰিছে৷ আমি কৰা আন্দোলনক গুৰুত্ব আৰোপ নকৰাৰ ফলত দৰং জিলাৰ ছিপাঝাৰৰ ৭৭,৪২০ বিঘা মাটি সন্দেহযুক্ত নাগৰিকে দখল কৰি আছে৷ যিখিনি মাটিত কেৱল থলুৱা দৰঙীয়াৰ হে অধিকাৰ আছে৷

কৃষি জিলা খনৰ ৰাইজক সেই মাটি এদিন প্ৰয়োজন হ’ব বুলি, জিলা খনত এদিন থলুৱাই সংখ্যালঘুত পৰিণত হোৱাৰ আশংকা কৰি সেই ভূমি মুকলি কৰাৰ দাবী অব্যাহত ৰাখিছে৷ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰাৰ স্বাৰ্থত সজাগ দৰঙীয়াই সন্দেহজনক নাগৰিকক উচ্ছেদৰ দাবীত আন্দোলন কৰিছিল৷ ৰাজপথলৈ ওলাই আহিছিল আৱাল, বৃদ্ধ বনিতা, ডেকাই৷ শ শ লোকে যোৱা তিনি বছৰ ৰাজ পথ উত্তাল কৰি ছিপাঝাৰ ৰাজহ চক্ৰ এলেকাৰ ফুহুৰাতলিৰ ৭৭¸৪২০ বিঘা চৰকাৰী পি জি আৰ আৰু ভি জি আৰ ভূমি দখল মুক্ত কৰাৰ দাবী জনায় আহিছে৷

ৰাজ্য চৰকাৰক বহু বাৰ স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো ৰাজ্য চৰকাৰ, মন্ত্ৰী, বিধায়ক, জিলা প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰব্ৰজন বিৰোধী মঞ্চৰ নেতৃত্বত ফুহুৰাতলিৰ ৭৭¸৪২০ বিঘা চৰকাৰী ভূমি উচ্ছেদ কৰাৰ বাবে আন্দোলন কৰি আহিছে৷ ৩১ অক্টোবৰৰ ভিতৰত সংগঠনটোৱে উচ্ছেদ কৰিবলৈ শেষ সময় বান্ধি দিছিল৷ জাতি, মাতি, ভেটিৰ কথা কোৱা বিজেপি চৰকাৰ খনে উচ্ছেদৰ বিপৰীতে বেদখলকাৰীক সা-সুবিধা তথা সুৰক্ষা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।

বেদখলকাৰীৰ বিৰুদ্ধে প্ৰব্ৰজন বিৰোধী মঞ্চই প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে সংগঠনটোৰ প্ৰচাৰ সম্পাদক আকাশ কলিতাৰ বিৰুদ্ধে ৰাজ্যৰ গৃহ বিভাগে গোচৰ ৰুজু কৰি সংগঠনটোৰ মুখ বন্ধ কৰাৰ চক্ৰান্ত ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ আনফালে চৰকাৰৰ নথি-পত্ৰই বেদখলকাৰীসকল সন্দেহযুক্ত নাগৰিক বুলি প্ৰমাণিত হোৱাৰ পিছতো প্ৰশাসনে ব্যৱস্থা নোলোৱাত ক্ষোভিত হৈ পৰিছে সংগঠনটো৷ বেদখল কৰা আৰু বেদখলকাৰীক সহায় কৰা দুয়োটাই অপৰাধ৷

কিন্তু উচ্ছেদ বিচাৰি অপৰাধী হ’বলগীয়া হ’ল গোচৰ দিয়া জনহে৷ বৰ্তমানলৈ চাৰিবাৰকৈ গোচৰৰ সন্মুখীন হৈ গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে প্ৰব্ৰজন বিৰোধী মঞ্চৰ নেতা-কৰ্মী৷ সংগঠনটোৱে বাংলাদেশীৰ ভয়াবহ আগ্ৰাসানৰ বলি হোৱা বুলি কয় দৰং জিলা৷ ছিপাঝাৰৰ ধলপুৰ পাহাৰৰ ঐতিহ্যমণ্ডিত এটি শিৱ মন্দিৰ অস্তিত্বৰ সংকটত পৰিছে৷ সন্দেহজনক নাগৰিকৰ আক্ৰমণৰ বলি হৈছে থলুৱা৷ জিলা খনৰ কুৰুৱা, খলিহৈ, কিৰিংবৰী আদি ঠাইত অবৈধ নাগৰিকৰ দপদপনি বৃদ্ধি হৈছে৷

আৰক্ষী তথা প্ৰশাসনৰ বেদখলকাৰীৰ ওপৰত দৰদ আছে৷ ১৯৯টা পৰিয়ালক থলুৱাৰ মাটি ৫ বিঘাকৈ দিবলৈ ওলোৱাত আমি প্ৰতিবাদ কৰো যাৰ ফলস্বৰূপে মাটিৰ আৱন্টন বন্ধ হয়৷ থলুৱাৰ গো-চৰণীয়া পথাৰ সংৰক্ষন কৰিব নোৱাৰিলে চৰকাৰে বুলি আক্ষেপ কৰে সংগঠনটোৱে৷

১৯৯৪ চনৰ পৰাই চৰকাৰে বাৰে বাৰে জিলা খনৰ প্ৰশাসনক নিৰ্দেশ দিছে উচ্ছেদ কৰিবলৈ কিন্তু প্ৰশাসনে আজিলৈ গুৰুত্ব আৰোপ নকৰিলে৷ একাংশ জাতীয়তাবাদী নেতাৰ কংগ্ৰেছ গমনৰ পিছতে প্ৰায় এই ভূমি বেদ খল কৰিবলৈ সক্ষম হৈছে৷ জিলা খনৰ দল-সংগঠনে প্ৰতিবাদ কৰাৰ পিছতো উচ্ছেদৰ নামত কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি চৰকাৰে ভেঁকোভাওনাৰ কৰি গৈছে। বিজেপি চৰকাৰৰ ৰহস্যজনক স্থিতিৰ বাবে সুৰক্ষিত বেদখলকাৰী বুলি ক্ষোভ উজাৰে প্ৰব্ৰজন বিৰোধী মঞ্চই৷