দৰঙৰ ছকীয়াপাৰাত ট্ৰেক্টৰৰ পৰা পৰি এজনৰ মৃত্যু

দলংঘাটঃ দৰং জিলাৰ ছকীয়াপাৰত শুকুৰবাৰে নিশা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়৷ জানিব পৰা মতে,  ছকীয়াপাৰাৰ কেইজনমান লোকে এখন ডিআই গাড়ীৰে ধানৰ মুঠি কঢ়িয়াই আছিল৷

নিশা প্ৰায় ৯ বজাত উক্ত চলন্ত ডিআই গাড়ীৰ খনৰ পৰা পৰি মৃত্যু হয় সত্য কলিতা নামৰ লোকজনৰ৷ একাংশ লোকে তেওক গাড়ীৰ পৰা জপিয়াই বুলিও কয়৷ সত্য কলিতা এটি ৪ বছৰীয়া সন্তানৰ পিতৃ আছিল৷