
গুৱাহাটীঃ সমগ্ৰ ৰাজ্য পবিত্ৰ বৰদিনৰ আনন্দ উলাহত ব্যস্ত হৈ থকা সময়তে সোমবাৰে নিশা ৰাজ্যত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈ কেইবাগৰাকী লোক নিহত হোৱাৰ লগতে কেইবাগৰাকী লোক আহত হয়৷ ৰাজ্যত ঘন কুঁৱলি তথা ৰাজ পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে ৰাজ্যক খনত প্ৰায়ে বহু লোকে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে৷
আনহাতে একাংশ উদণ্ড চালকৰ মইমতালি তথা মদ্যপান কৰি গাড়ী চলোৱাৰ ফলতো নিতৌ বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে৷ ৰাজ্যৰ চৰকাৰ তথা ৰাজ্যৰ প্ৰশাসনে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ ৰাজ্যৰ পথ সমূহৰ ভয়াবহ অৱস্থাই এতিয়া কাল হৈছে ৰাজ্যবাসীৰ বাবে৷
কিছুদিন পূৰ্বে নলবাৰীৰ এটা পৰিয়ালৰ পথ দুৰ্টনাত মৃত্যু হোৱাৰ পিছতে সোমবাৰে মহানগৰীৰ সমীপৰ গৌৰাপুৰত একেটা পৰিয়ালৰ কন্যাসহ দুগৰাকীকৈ লোকে প্ৰাণ হেৰুৱাই৷ চাংসাৰীৰ সমীপৰ গৌৰীপুৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ৱাগানাৰ আৰু সামগ্ৰী ভৰ্তি ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ লাগে৷
ফলত গুৱাহাটীৰ মহানগৰীৰ মাজমজিয়াৰ ফটাশিল আমবাৰীৰ একেটা পৰিয়ালৰ ৰাজকমল শৰ্মা আৰু কন্যা মৈয়ীত্ৰী শৰ্মা আৰু ৱাগানাৰ চালক জিতেন বৰ্মনৰ মৃত্যু হয়।
ৰজকমল শৰ্মাৰ পত্নী নন্দিতা শৰ্মা গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে৷ জানিব পৰা মতে, ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰি যদিও চালকে অত্যধিক মদ্যপান কৰি ভুল পথেৰে গাড়ী সোমোৱাই তীব্ৰ গতিৰে আহি আন এটা পথত প্ৰৱেশ কৰিব বিছাৰিছিল বুলি অভিযোগ উত্থাপন হয়৷