
নলবাৰীঃ ৰাজ্য চৰকাৰে কৃষকৰ বিশেষ বঁটা প্ৰদান কৰা নলবাৰীৰ আদৰ্শ খেতিয়ক নলবাৰী জিলাৰ পাগলদিয়া নদীৰ পলসুৱা ভূমিত ৫০০ বিঘা মাটি সামৰি গঢ় লৈ উঠা শংকৰ দেৱ জৈৱিক কূষি ফাৰ্ম দেওবাৰে নলবাৰী জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে পৰিদৰ্শন কৰে৷
ফাৰ্ম খনৰ অভাৱ-অভিযোগৰ বিষয়ে বুজ লয় উপায়ুক্তগৰাকীয়ে। নলবাৰী জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা প্ৰতুল পাটোৱাৰীক লগত লৈ পাগলা দিয়া নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিভাগক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। যোৱা ২২ নৱেম্বৰত বালিতাৰা গাঁৱৰ অাদৰ্শ কৃষক ফাৰ্মৰ সভাপতি বিপুল হালৈয়ে মুখ্য মন্ত্ৰীৰ বিশেষ বঁটা লাভ কৰে।