কাজিৰঙাত মৃতদেহ উদ্ধাৰ

কাজিৰঙাঃ কাজিৰঙাত মৃতদেহ উদ্ধাৰক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য৷ আজি কাজিৰঙাৰ এতি পুখুৰীত জয়ৰাম পাত্ৰ নামৰ ২২ বছৰীয়া যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷

১ চেপ্তেম্বৰৰ পৰা সন্ধানহীন হৈ থকা যুৱকজনক হত্যাৰ সন্দেহ কৰিছে কাজিৰঙা আটছাই৷ মৃতদেহটো উদ্ধাৰৰ পাছত অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে৷