
কামপুৰঃ বহিঃ ৰাজ্যত অসমৰ লোক সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে তামিলনাডুত অসমৰ এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও-হোজাই জিলাত৷ ৰেলযাত্ৰাত অসমৰ যাত্ৰী মুঠেও সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে তামিলনাডুৰ ৰেলপথত ৰহস্যজনক অৱস্থাত হোজাই জিলাৰ যমুনামুখ ভকতগাঁৱৰ বিজুমণি বৰা নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হয়৷
জানিব পৰা মতে, শুকুৰবাৰে সূৰ্য্য দাস নামৰ এগৰাকী বন্ধুৰ সৈতে কৰ্মসূত্ৰে লামডিঙৰ পৰা নিউ তিনিচুকীয়া-বাংগালুৰু এক্সপ্ৰেছ যোগে বাংগাৰুলৈ গৈছিল। কিন্তু তামিলনাডুৰ কাটপাডিৰ ৰেলপথত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় যুৱক জনৰ মমৃতদেহ। পাছত আৰক্ষীয়ে মৃতদেহৰ লগত উদ্ধাৰ হোৱা নথি পত্ৰযোগে যমুনামুখ আৰক্ষীৰ লগত যোগাযোগ কৰাত পৰিয়ালৰ লোকসকলে মৃতদেহটো চিনাক্ত কৰে। এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ লগতে পৰিয়ালৰ লোকে হত্যা কৰি ৰেল পথত থৈ দিয়াৰ সন্দেহ কৰে৷