চাপানালাত পথৰ দাতিত বাইক সহ মৃতদেহ উদ্ধাৰ

বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰৰ চাপানালাত পথৰ দাতিত এটি মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে,  এখন বাইকৰ সৈতে পথৰ তাতিত পুৱাই একাংশ লোকে মৃতদেহটো প্ৰত্যক্ষ কৰে৷ মৃতদেহটোত ডিঙিত আঘাতৰ চিন স্পষ্ট হৈ থকাত হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰে ৰাইজে৷

মৃতদেহটো জীয়াজুৰি কলঘৰৰ কৰ্মচাৰী তথা চাপানালাৰ অতুল বৰা বুলি চিনাক্ত কৰে আৰক্ষীয়ে। জীয়াজুৰি কলঘৰৰ পৰা নিশা চাপানালালৈ উভতি অহাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল তথা ঘৰ আহি পোৱা নাছিল লোকজনে৷ চামগুৰি আৰক্ষী উপস্থিত হৈ স্নিফাৰ ডগৰ সহায়ত তদন্ত অব্যাহত ৰাখিছে৷