পিটনিত পুৰুষৰ মৃতদেহ উদ্ধাৰ

নগাঁওঃ এটি পুৰুষৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱৰ ৰাইদঙীয়াত৷ জিনছৰ পেন্ট আৰু জেকেট পৰিহিত এটি মৃতদেহ পিটনিত উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

নগাঁও-ধিং গড়কাপ্তানী পথৰ দাতিৰ পিটনিত উদ্ধাৰ হয় যুৱকৰ মৃতদেহটো৷ প্ৰায় ২৫ বছৰ উৰ্ধ্বৰ যুৱকজনক এতিয়াও চিনাক্ত কৰিব পৰা নাই৷ যুৱকজনক দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে ৰাইজে৷