
Image Source: internet
ৰঙিয়াঃ ৰঙিয়া ৰেল ষ্টেচনৰ সমিপৰ বোনগাঁৱত ৰেললাইনৰ পৰা ক্ষত বিক্ষত অৱস্থাত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰে ৰঙিয়া জি আৰ পি এফে। ৰঙিয়া ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতু আৰু বৰলীয়া নৈৰ ওপৰত থকা ৰেলৰ দলঙৰ উত্তৰ দিশত নিশা প্ৰায় ১২ বজাত উদ্ধাৰ হয় ব্যক্তি গৰাকীৰ মৃতদেহ৷
মৃতদেহটোৰ কাষত এখন চাইকেল উদ্ধাৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ব্যক্তি গৰাকীয়ে ৰেলৰ আগত পৰি আত্মহত্যা কৰা বুলি ধাৰণা কৰা হৈছে।
মতিয়া ৰংঙৰ লংপেন্ট আৰু বগা ৰংঙৰ স্পৰ্টিং পৰিহিত ব্যক্তিজনৰ মৃতদেহটো চিনাক্ত কৰণৰ বাবে ৰঙিয়া ষ্টেচনৰ মৰ্গত ৰখা হৈছে যদিও মৃতদেহটো মৰোনোত্তৰ পৰিক্ষাৰ বাবে নিয়াৰ বাবে জি আৰ পি এফ য়ে ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে।