
newsnextone.com | বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ আত্মাস্বৰূপ, মহাপুৰুষ শঙ্কৰদেৱ গুৰুজনাৰ একান্ত সেৱক, বৈষ্ণৱ পণ্ডিত, বটদ্ৰৱা থানৰ মূল নামলগোৱা, প্ৰধান আতৈ, কেৱলীয়া ভকত সদ্য-প্ৰয়াত যোগেশ আতৈৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শনেৰে সোমবাৰে গুৰুজয়ন্তী সন্দৰ্ভত অনুষ্ঠিত হবলগীয়া বটদ্ৰৱা থান পৰিচালনা সমিতিৰ জৰুৰী কাৰ্যনিৰ্বাহক বৈঠকখন বাতিল কৰা হয়৷
যোৱা ১৭ আগষ্ট নিশা ১০.২০ মিনিটত পৰলোকলৈ গমন কৰা আতৈগৰাকীৰ স্মৃতিত সোমবাৰে এখনি সভা অনুষ্ঠিত কৰি বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে আতৈৰ পূণ্যাত্মাৰ চিৰশান্তি কামনাৰে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায়৷
উল্লেখ্য যে, বটদ্ৰৱা থানখনৰ মূল হোতাস্বৰূপ যোগেশ আতৈৰ বিয়োগৰ বাতৰি পাই আজি বটদ্ৰৱা থানত উপস্থিত হয় অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব চমছেৰ সিঙ তথা তেওঁৰ পত্নী ইন্দু সিঙ৷
নগাঁও জিলা উপায়ুক্ত হৈ থকা সময়চোৱাত আতৈৰ লগত অতি আত্মীয়তা গঢ়ি উঠা গুৰুজনাৰ সেৱক বৰ্তমান অসম চৰকাৰৰ শিক্ষাবিভাগৰ সচিব চমছেৰ সিঙে পত্নী ইন্দু সিং সহিত বটদ্ৰৱা থানত উপস্থিত হৈ প্ৰয়াত আতৈৰ লগত কটোৱা সময়ৰ স্মৃতি ৰোমন্থন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
ভাদ মাহৰ দ্বিতীয় দিনটোত বটদ্ৰৱা থানত উপস্থিত হোৱা উচ্চ পদস্থ বিষয়াগৰাকীয়ে শৰাই-নৈবেদ্য আগবঢ়াই কীৰ্তনঘৰ, দৌলমন্দিৰত সেৱা নিবেদন কৰে৷ পিছত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতিৰ লগত থানৰ উন্নয়ন সন্দৰ্ভতো আলোচনাত মিলিত হয়৷