
ডিমাকুছীঃ যোৱা ২২ দিন ধৰি নিৰুদ্দেশ হৈ থকা এজন লোকৰ মৃতদেহ কৱৰস্থানত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হয় ওদালগুৰি জিলাৰ ডিমাকুছিত৷ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত বাদলাপাৰা চাহ বাগিচাৰ কৱৰস্থানত অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ হয়৷
বৃহস্পতিবাৰে কৱৰস্থানত অৰ্ধগলিত মৃতদেহটো খৰি বিছাৰি যোৱা লোকে প্ৰত্যক্ষ কৰে৷ তাৰ পিছতে আৰক্ষীক খবৰ দিয়ে ৰাইজে৷ আৰক্ষীয়ে শুকুৰবাৰে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে৷
মৃতদেহটো বাদলাপাৰা চাহ বাগিচাৰ খুটি লাইনৰ নিকদিম বাৰা (৫২) বুলি চিনাক্ত কৰা হৈছে। খৰি আনিবলৈ যোৱাৰ সময়তে যোৱা ২৮ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল লোকজন। ঘটনাস্থলীত ডিমাকুছি আৰক্ষী আৰু স্থানীয় দণ্ডাধীশ উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷