
জাজৰিঃ ভাৰতৰ সংবিধান প্ৰণয়ন সমিতিৰ সভাপতি, স্বাধীন ভাৰতৰ প্ৰথম গৰাকী আইন মন্ত্রী, বিদগ্ধ পণ্ডিত ড০ বি আৰ আম্বদকাৰৰ ৬১ সংখ্যক মহাপ্ৰয়াণ দিৱস সমগ্ৰ দেশৰ লগতে নগাঁৱটো উদযাপন কৰা হয়। নগাঁৱৰ মাজ মজিয়াৰ ড০ আম্বেদকাৰ ভৱনত নগাঁও জিলা অনুসূচিত জাতি পৰিষদ আৰু নগাঁও জিলা অনুসূচিত জাতি ছাত্র সন্থাৰ ব্যৱস্থাপনাত মহান জননেতা গৰাকীক গভীৰ ভাবে স্মৰন কৰে।
পুৱা ১০ বজাত সংবিধান প্ৰণেতা জনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পিছত ড০ আম্বদকাৰ ভৱন প্ৰাংগনত এখন সভা অনুষ্ঠিত হয়। সভাত নগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি ক্ষিতিশ দাস, সম্পাদক জয়ন্ত কুমাৰ দাস, অনুসূচিত জাতি আছুৰ কেন্দ্ৰীয় নেতা ৰাহুল দেৱ, জিলা অনুসূচিত জাতি ছাত্র সন্থাৰ সভাপতি লক্ষন হীৰা, সম্পাদক অৱনি দাস, জিলাৰ বিষয় ববীয়া দুলাল দাস, ৰিতু বৰা, বিশিষ্ট সমাজকৰ্মী অৰুন বৰাই জননেতা জনৰ সুদীৰ্ঘ জীৱনৰ আলোকপাত কৰি ভাষন ৰাখে। সন্ধা বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান সামৰনি পৰে।