
খেৰণিঃ বনভোজ খাবলৈ আহি জলপ্ৰপাতৰ পাৰত চেল্ফি লৈ প্ৰাণ গ’ল এজন যুৱকৰ৷ এই ঘটনা সংঘটিত হৈছে কাৰ্বি আংলং জিলাৰ কো’কা বনভোজথলিত৷ ওদালগুৰি জিলাৰ দল গাঁৱৰ কৌ-পাতিৰ প্ৰসেনজিৎ বিশ্বাসে চেল্ফি লব ধৰোতেই জলপ্ৰপাত পৰি মৃত্যুক আকোৱালি লয়৷
জানিব পৰা মতে, প্ৰকৃতিৰ ৰম্যভূমি খ্যাত কো’কা বনভোজথলিত ওদালগুৰি জিলাৰ দল গাঁৱৰ কৌ-পাতিৰ পৰা এটা ১৮ জনীয়া যুৱকৰ দলে বনভোজ খাবলৈ আহিছিল বুধবাৰে কাহিলি পুৱাতেই৷ পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিণ্ডেং আৰক্ষী থানা এলেকাৰ প্ৰকৃতিৰ ৰম্যভূমি খ্যাত কো’কা বনভোজথলিত যুৱকৰ দলটো উপস্থিত হৈ হাঁহি-ধেমালি কৰি ৰন্ধা-বঢ়া কৰাৰ লগতে কো’কাৰ প্ৰাকৃতিক পৰিবেশ উপভোগ কৰি আছিল।
কোনোৱে যদি কো’কাত থকা জলপ্ৰপাতৰ তালে তালে নাচি-বাগি আনন্দ কৰিছিল, আন কোনোৱে আকৌ চেল্ফি তোলাত ব্যস্ত হৈ পৰিছিল৷ কো'কা বনভোজস্থলিত বনভোজকাৰী দলটোৰ প্ৰসেনজিৎ বিশ্বাস নামৰ যুৱকজনে জলপ্ৰপাতৰ ওচৰত থিয় হৈ চেল্ফি লওঁতেই ভৰি পিছলি পানীত পৰে আৰু লগে লগে পানীত ডুব যায়। বনভোজথলিত হুৱাদুৱা লাগে আৰু যুৱকজনক উদ্ধাৰৰ চেষ্টা চলাই একাংশ লোকে৷
একাংশ লোকৰ নেৰানেপেৰা চেষ্টাৰ ফলত প্ৰায় ১৫ মিনিটৰ পিছতেই যুৱকজনক পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় কেইবাগৰাকী লোকে৷ উদ্ধাৰৰ পাছতেই যুৱকজনক খেৰণিস্থিত চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। আনহাতে খেৰণি আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে। ঘটনাক কেন্দ্র কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে যুৱকজনৰ মৃত্যুত শোকৰ ছাঁ পৰে৷