দেশত Coronaত নিহতৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি, কাশ্মীৰত প্ৰথমটো মৃত্যুৰ ঘটনা

নতুন দিল্লীঃ দেশত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ১৩ জনলৈ। ভাইৰাছবিধত দেশত এতিয়ালৈ আক্ৰান্ত হৈছে ৬৫০ জনৰো অধিক লোক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা মতে আক্ৰান্তসকলৰ ৪২ জন লোক সুস্থ হৈ পুনৰ ঘৰলৈ উভতিছে।

বৃহস্পতিবাৰে পুৱাৰ ভাগতে কৰ’নাত প্ৰাণ হেৰুৱাই ২ জনকৈ লোকে। ইয়াৰে এজন মহাৰাষ্ট্ৰৰ আৰু আনজন হৈছে জম্মু-কাশ্মীৰৰ। চৰকাৰী সূত্ৰই সদৰী কৰা অনুযায়ী শ্ৰীনগৰৰ এখন চৰকাৰী চিকিৎসালয়ত ৬৫ বৰ্ষীয় কাশ্মীৰি লোক এজনৰ আজি পুৱাই মৃত্যু হয়। এয়া হৈছে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা কাশ্মীৰৰ প্ৰথমটো ঘটনা।

আনহাতে মহাৰাষ্ট্ৰত এতিয়ালৈকে কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ৪ জন। ৰাজ্যখনত এই পৰ্যন্ত পজিটিভ ধৰা পৰিছে ১২০ গৰাকীৰো অধিক দেহত। জম্মু-কাশ্মীৰত কৰ’নাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে ১১ জন।

ইফালে চুবুৰীয়া পশ্চিম বংগতো কালিৰে পৰা বৃদ্ধি পাইছে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। ৰাজ্যখনত আজি পুৱাৰ ভাগলৈকে ১০ জন লোকৰ দেহত কৰ’না পজিটিভ পোৱা হৈছে বুলি জনাইছে চৰকাৰী সূত্ৰই। উল্লেখ্য যে, অসমত এতিয়ালৈ এজনো লোকৰ দেহত পজিটিভ ধৰা পৰা নাই যদিও উত্তৰ-পূবৰ দুই ৰাজ্য মণিপুৰ আৰু মিজোৰামত দুজন লোকৰ এই মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে।

লক্ষণীয় যে, উৎপত্তিস্থল চীনত ৰোগবিধ ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে যদিও ইউৰোপ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত তীব্ৰ গতিত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। সমগ্ৰ বিশ্বতে এতিয়ালৈক আক্ৰান্ত হৈছে ৪ লাখ ৭০ হাজাৰৰো অধিক। মৃত্যৰ সংখ্যাই ২০ হাজাৰৰ সীমা অতিক্ৰমি হৈছেগৈ ২১, ২৭০। সুস্থ হৈ উঠিছে ১ লাখ ১৪ হাজাৰজন।