বঙাইগাঁৱত মাংসৰ লোভত হৰিণা নিধন, বন বিভাগক দোষাৰোপ স্থানীয় ৰাইজৰ, চিন্তিত প্ৰকৃতিপ্ৰেমী

অভয়াপুৰীঃ ০৫ মাৰ্চত জোধপুৰ আদালতে ২০ বছৰ পুৰণি কৃষ্ণ মৃগ হত্যা গোচৰত বলিউডৰ চুপাৰষ্টাৰ ছলমান খানক ৫ বছৰ শাস্তি ঘোষণা কৰাত সমগ্ৰ দেশতে চাঞ্চল্য অব্যাহত থকাৰ সময়তে অসমত মাংসৰ লোভত কোনো লোকে নিধন কৰিলে এটি হৰিণা৷ পাহাৰৰ পৰা নামি অহা হৰিণা হত্যা কৰে বঙাইগাঁও জিলাত৷

নামনি অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত কোমৰাকাটা গাঁৱৰ সমীপত থকা পাহাৰৰ দাতিত উদ্ধাৰ হয় হৰিণাটো৷ কোমৰাকাটা ষষ্ঠ খণ্ডত পুৱা প্ৰায় ৭বজাত একাংশ লোকে সামন্য জংঘলত হৰিণাটো পৰি থকা প্ৰত্যক্ষ কৰে৷

খাদ্যৰ সন্ধানত ভৈৰৱচুৰা পাহাৰৰ পৰা নামি অহা অৱস্থাত চোৰাং চিকাৰীয়ে মাংসৰ লোভত হত্যা কৰে যদিও বিশেষ কাৰণত এৰি থৈ যোৱা বুলি স্থানীয় ৰাইজে সন্দেহ কৰে৷ হৰিণাটোক হানি-খুচি হত্যাৰ সন্দেহ কৰে ৰাইজে। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বন বিভাগ-আৰক্ষীক খবৰ দিয়ে৷ বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷

বনবিভাগে হৰিণাটোৰ বয়স প্ৰায় তিনবছৰ হ’ব বুলি জানিবলৈ দিয়ে৷ হৰিণাটো উদ্ধাৰ কৰি বন বিভাগে অভয়াপুৰী পশু চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থনীয় ৰাইজে বন বিভাগৰ দুৰ্বল ভূমিকাৰ বাবে এনে কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে৷ 

উল্লেখ্য যে, বনাঞ্চলৰ গাতে লাগি থকা গাঁও সমূহৰ একাংশ লোকৰ বাবে আতংকিত বন্যপ্ৰাণীৰ মুক্ত বিচৰণত অসুবিধাৰ সৃষ্টি আহিছে বুলিও অভিযোগ উত্থাপন হয়।  যোগীঘোপাৰ বিভিন্ন প্ৰান্তত পূৰ্বে বন্যপ্ৰাণীয়ে মুকলিকৈ বিচৰণ কৰিছিল যদিও একাংশ লোকৰ বাবে বন্যপ্ৰাণী ক্ৰমাত দেখা নোপোৱা হৈছে৷ 

আজিও সময়ে সময়ে শহাপহু, হৰিণা আদিয়ে মুকলিকৈ বিচৰণ কৰে যদিও সমস্যাই দেখা দিয়ে। খাদ্যৰ সন্ধানৰ বাবে ঠাইৰ অভাৱ, শৰালি খোৱা পানীৰ অভাৱ, বন ধ্বংসৰ ফলত বনাঞ্চলৰ অভাৱৰ বাবে মুক্তভাৱে বিচৰণ কৰি থকা জন্তুসমূহৰ নিৰাপত্তাৰ বিষয়টো জটিল হৈ পৰিছে৷

জানিব পৰা মতে, পূৰ্বেও গোপনে একাংশ লোকে এই অঞ্চলটোত হৰিণা নিধন কৰি আহিছে বুলি এটি বিশ্বস্ত সুত্ৰই জানিবলৈ দিয়ে৷