স্বায়ত্ত ৰাজ্যৰ দাবীত কাৰ্বি পাহাৰৰ পৰা দিল্লীলৈ যাত্ৰা, ২৯ মাৰ্চত কঁপাব ৰামলীলা ময়দান

ডিফুঃ কাৰ্বি পাহাৰৰ পৰা দিল্লীলৈ এখন বিশেষ ৰেল যোগে যাত্ৰা কৰিলে শ-শ লোকে৷ শনিবাৰে পুৱাই ডিফুৰ ৰেলষ্টেছনৰ পৰা যাত্ৰা কৰিলে এখন বিশেষ ৰেলেৰে৷ প্ৰায় ৩ সহস্ৰাধিক যাত্ৰীয়ে অহা ২৯ মাৰ্চত নতুন দিল্লীৰ ৰামলীলা ময়দানত তিনি পাৰ্বত্য জিলা কাৰ্বি আংলং, উত্তৰ কাছাৰ আৰু ডিমা হাচাওক সামৰি ভাৰতীয় সংবিধানৰ অধিনত এখন স্বায়ত্ত ৰাজ্যৰ দাবীত জনাই প্ৰতিবাদ সাব্যস্ত কৰিব৷

দিল্লীলৈ যাত্ৰা কৰা ৰেলখন প্ৰতিবাদকাৰীসকলৰ বাবে বিশেষ ভাবে ভাড়া কৰা বুলি জানিব পৰা গৈছে৷ কাঞ্চাচডিকমে নেতৃত্ব বহন কৰা নতুন দিল্লীলৈ যাত্ৰা কৰা প্ৰতিবাদকাৰী দলটোত বিজেপি, কংগ্ৰেছৰ পৰা আৰম্ভ কৰি জিলা তিনিখনৰ বিভিন্ন ৰাজনৈতিক দল, আলোচনাপন্থী উগ্ৰপন্থী দল, ছাত্ৰ আৰু সামাজিক সংগঠনৰ নেতা-কৰ্মী, সদস্যই যাত্ৰা আৰম্ভ কৰে৷

পুৱাতেই পাহাৰীয়া জিলাখনৰ সদৰ ৰেলষ্টেছনত স্বায়ত্ত ৰাজ্যৰ দাবীত দিল্লী যাত্ৰা কৰিবলগা যাত্ৰীৰে এক উদুলি-মুদূলি পৰিবেশৰ সৃষ্টি হয়৷ এক ঐতিহাসিক ৰেলযাত্ৰাৰ সাক্ষী হৈ ৰয় পাহাৰীয়া ৰেল ষ্টেছনটোৱে৷ 

ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচীত জনগোষ্ঠীৰ বাবে সন্নিবিষ্ট হৈ থকা ২৪৪ (ক) ৰূপায়ণৰ জৰিয়তে এখন স্বায়ত্ত ৰাজ্যৰ দাবীত পাহাৰীয়া জিলা তিনিখনৰ ৰাইজে দীৰ্ঘদিনে পৃথক পৃথক মঞ্চৰ জৰিয়তে আন্দোলন অব্যাহত ৰাখিছে যদিও কেন্দ্ৰ চৰকাৰে ২৪৪ (ক) ৰূপায়ণৰ বাবে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয়৷

বৰঞ্চ বিভিন্ন সময়ত আঞ্চলিক দলৰ পৰা আৰম্ভ কৰি সৰ্ব ভাৰতীয় পৰ্যায়ৰ দল সমূহে ক্ষমতাত অধিষ্ঠিত হৈ আহিছে৷ বিগত তেলেংগানা ৰাজ্য গঠন হোৱাৰ সময়তো স্বায়ত্ত ৰাজ্যৰ দাবীত আন্দোলনত জপিয়াই পৰি ৰাহুল চিংনাৰ নামৰ এজন যুৱকে পুলিচৰ গুলীত প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিল৷