আপৰ বিধায়কক বৰ্খাস্ত, নিৰ্বাচন অনুষ্ঠাত কৰাত বাধা, বিচাৰিলে নিৰ্বাচন আয়োগৰ পৰা উত্তৰ

ডিজিটেল ডেস্কঃ দেশৰ নিৰ্বাচন আয়োগে দিল্লীৰ শাসকীয় দল আম আদমি পাৰ্টিৰ ২০ বিধায়কক বৰ্খাস্ত কৰাৰ আৰ্জিত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে সন্মতি পৰ্কাশ কৰাৰ পিছতেই দলটোৱে দিল্লী উচ্চ ন্যায়ালয়ৰ ওচৰ চাপে৷ উচ্চ ন্যায়ালয়ে দেশৰ মুখ্য নিৰ্বাচন আয়োগ আৰু ২০ বিধায়কৰ পৰা উত্তৰ বিচাৰি ইতিমধ্যে নিৰ্দেশ জাৰি কৰে৷ ২০গৰাকী বিধায়কে নিজৰ নিজৰ আপত্তি তথা মন্তব্য ন্যায়ালয়ত দাখিল কৰিব লাগিব৷

বিধায়ক কেইগৰাকীয়ে উচ্চ ন্যায়ালয়ত নিৰ্বাচন আয়োগক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ল্যায়ালয়ৰ ওচৰ চাপিছিল৷ আনহাতে ন্যায়ালয়ে উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো সদ্যহতে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগক৷ পুনৰ ৭ ফেব্ৰুৱাৰীত ন্যায়ালয়ত শুনানী অনুষ্ঠিত হ’ব৷

আম আদমি পাৰ্টিৰ প্ৰায় ২০গৰাকী বিধায়কে ব্যক্তিগত লাভজনক ব্যৱসাসত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি দেশৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত পাটিলে৷ আদালতত দাখিল কৰা আৱেদনৰ জৰিয়তে জনপ্ৰতিনিধিসকলে লাভ জনক পদত থকাৰ লগতে সংসদীয় সচিব হৈ থকাত বৰ্খাস্ত কৰাৰ দাবী জনাইছিল৷

নিৰ্বাচন আয়োগৰ আৰ্জি গ্ৰহণ কৰি ২০ বিধায়কক বৰ্খাস্ত কৰাৰ আৱেদনত অনুমতি প্ৰদান কৰিছিল দেশৰ ৰাষ্ট্ৰপতিয়ে৷ দিল্লী চৰকাৰে ২০গৰাকী বিধায়কক সংসদীয় হিচাপে নিয়ুক্তি দিছিল মুখ্যমন্ত্ৰীয়ে৷ বিধায়ককসকলে সংসদীয় সচিব তথা বিধায়ক হৈয়ো ব্যক্তিগত লাভালাভ তথা ‘অফিচ অৱ প্ৰফিট’ত জড়িত হৈ পৰাৰ অভিযোগ উত্থাপন হয়৷

নিৰ্বাচন আয়োগক অভিযোগ দাখিলৰ পিছত নিৰ্বাচন আয়োগে তদন্ত আৰম্ভ কৰে৷ তদন্তৰ পিছত নিৰ্বাচন আয়োগে ২০ বিধায়কক বৰ্থাস্ত কৰাৰ সিদ্ধান্ত লৈ ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰে৷ শুকুৰবাৰে নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা অনুমোদনত ২১ জানুৱাৰীত অনুমতি প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে৷ তাৰ পিছতো দিল্লী বিধান সভা ভংগ হোৱাৰ ভয় নাই আম আদমি পাৰ্টিৰ৷

৭০গৰাকী সদস্যৰ বিধানসভাত আপৰ বিধায়কৰ সংখ্যা ৬৬গৰাকী৷ আনহাতে বিৰোধি কংগ্ৰেছ আৰু বিজেপিয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি অৰবিন্দ কেজৰিৱালক পদত্যাগ দাবী উত্থাপন কৰে কংগ্ৰেছ-বিজেপিয়ে৷ আনহাতে আম আদমি পাৰ্টিক কাৰণ দৰ্শোৱাৰ সময় দিয়া নাই বুলি জানিব পৰা যায়৷ উক্ত দিনাই আদালতৰ ওচৰ চাপিব বুলি জানিবলৈ দিছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণিষে৷ ৰাজনৈতিক পৰিৱেশ গৰম হোৱাৰ সময়তে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত অচল কুমাৰ জ্যোতিৰ বিৰুদ্ধে পক্ষপাত কৰাৰ অভিযোগ উত্থাপন কৰে আপে৷

২০১৫ চনত বিধান সভা নিৰ্বাচনৰ পিছত বিধায়ক হোৱাৰ পিছতো আম আদমি পাৰ্টিৰ প্ৰায় ২০গৰাকী বিধায়ক ব্যক্তিগত লাভজনক ব্যৱসায়ত জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ নিৰ্বাচন আয়োগ তদন্ত কৰি বিধায়কসকলক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লয়৷ বিগত বছৰৰ জুন মাহত বিধায়কসকলে নিৰ্বাচন আয়োগৰ ওচৰত ওলোটাই আৱেদন কৰিছিল যদিও আৱেদন খাৰিজ কৰে আয়োগে৷

২০১৭ চনৰ আগষ্ট মাহত দিল্লী উচ্চ ন্যায়ালয়ত বিধায়কসকলে অধিবক্তা প্ৰশান্তৰ আৰ্জি খাৰিজ কৰাৰ আৱেদন জনাইছিল৷ আৱেদনত উল্লেখ কৰা মতে, সচিব হিচাপে ২০১৬ চনত নিয়োগ বাতিল হোৱা বুলি কয়৷ উচ্চ ন্যায়ালয়ে আৱেদনৰ শুনানী নকৰাৰ লগতে বিধায়ক আৰ্জি গ্ৰহণ কৰা অসম্ভৱ বুলি কয়৷ ইয়াৰ লগে লগে কংগ্ৰেছে ২০গৰাকী আপৰ বিধায়কৰ পদৰ পৰা বৰ্খাস্ত কৰাৰ আৱেদন জনাই নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত অচল কুমাৰ জ্যোতিক৷