
বোকাজানঃ ৰাজ্যৰ ৰাজ পথত এতিয়া মৃত্যুৰ কিৰিলি৷ প্ৰতিদিনে ৰাজ পথত পথ দুৰ্ঘটনা সংঘটিত হৈ প্ৰায় ২০গৰাকী কৈ লোকৰ মৃত্যু হৈ আহিছে৷ চৰকাৰ তথা প্ৰশাসনে এই কথাত গুৰুত্ব সহকাৰে লোৱা দেখা নাযায়৷ ঘন কুঁৱলি তথা পথৰ দুৰৱস্থাৰ বাবে প্ৰতিদিনে ইটোৰ পিছত সিটো দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত চৰকাৰে চালকক সজাগ কৰিবলৈ যেনে ধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনে ধৰণে পদক্ষেপ লোৱা দেখা নাযায়৷

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দেওঁপানীৰ বৰনেৰীয়াত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনাত হৈ দুজন লোকৰ মৃত্যু হয়৷ এএছ-০৯-চি-৯২২৬ নম্বৰৰ যাত্ৰীবাহী বাছখনে দলামৰাৰ পৰা ডিফুে অভিমুখে আহি থকা অৱস্থাত এজন চাইকেল আৰোহিক খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিৰ এজোপা গছত খুন্দা মৰে।
ফলত গোলাঘাট জিলাৰ বৰপথাৰৰ মাটিখোলাৰ ফেৰিৱালা, চাইকেল আৰোহী হৰিপদ ঘোষ (৫৫), বাছখনৰ এগৰাকী মহিলা যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হ ৷ বৰপথাৰ আৰক্ষীয়ে আহত যাত্ৰীসকলক চিকিৎসাৰ বাবে বোকাজান অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পৰবৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হয়৷ উল্লেখ্য যে নিহত মহিলাগৰাকীক বৰ্তমানেও চিনাক্ত কৰিব পৰা হোৱা নাই৷