
দেউপানীঃ অৱতাৰী পুৰুষ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৬৯ সংখ্যক জন্মোৎসৱ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলংৰ বৰপথাৰ কাঠকটিয়া বৰনামঘৰৰ উদ্যোগতো পালন কৰা হয়৷
বৰপথাৰ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে শনিবাৰৰ পৰা কাঠকটিয়া বৰনামঘৰ প্ৰাংগনত অনুষ্ঠিত হৈছে। বৰপথাৰ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ অন্তৰ্ভুক্ত হৈ আছে ২৭ভাগ সৰু বৰ সত্ৰ নামঘৰ।
শনিবাৰে পুৱা পাচ বজাত প্ৰাত প্ৰসংগৰে আৰম্ভ হয় কাৰ্যসুচী৷ তাৰ পিছতে ধৰ্ম ধ্বজ্জা উত্তোলন কৰে বৰপথাৰ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ সভাপতি যোগেন্দ্ৰ নাথ শইকীয়াই। বৃক্ষ ৰোপন কৰে ডিফু, শিলনীজান আৰু বোকাজানৰ বনাঞ্চলিক বিষয়া দিব্যধৰ শ্যাম, বিবিচধ তকবি আৰু চুচেন শ্যামে।
অঞ্চলটোৰ কেইবাশ ভক্ত প্ৰাণ ৰাইজে শিলনীজান হৈ জপৰাজানলৈকে ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। নিশা শিশুৰ দ্বাৰা মঞ্চস্থ কৰা হব ‘চোৰ ধৰা পিম্পৰা গুচোৱা’ নাট। ২ অক্টোবৰৰ নিশা যোৰহাটৰ ডেকাগিৰি নাট্যদলৰ দ্বাৰা প্ৰদৰ্শিত হ’ব ‘সাবিত্ৰী সত্যবান’ ভাওনা।