'দেউৰী ভাষাৰ বৰ্ণমালা আৰু উচ্চাৰণ' শীৰ্ষক আলোচনা চক্ৰৰ আয়োজন

newsnextone.com। যোৰহাটঃ যোৰহাট জিলা দেউৰী সাহিত্য সভাৰ উদ্যোগত অহা ৯ ছেপ্টেম্বৰত ওপৰ দেউৰী প্ৰাথমিক বিদ্যালয়ত 'দেউৰী ভাষাৰ বৰ্ণমালা আৰু উচ্চাৰণ' শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ'ব।

সাহিত্যিক পেঞ্চনাৰ নৃপেন দেউৰীয়ে উদ্বোধন কৰিব লগা আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব দেউৰী সাহিত্য সভাৰ সহকাৰী সম্পাদক সৌৰভ দেউৰী,ওপৰ দেউৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জয়া দেউৰী আৰু বেলগুৰি জনজাতি হাইস্কুলৰ শিক্ষয়িত্ৰী মল্লিকা দেউৰী। অনুষ্ঠানৰ লগত সংগতি ৰাখি চিত্ৰাংকণ,আকস্মিক বক্তৃতা,কবিতা আবৃত্তি, কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।