
দেৰগাঁওঃ উন্নয়ণৰ বাবে দিয়া প্ৰতিশ্ৰুতি যেন পালন কৰিব পৰা নাই ৰাজ্য চৰকাৰে৷ মাথো ১৭ মাহত সকলো দিশত উন্নয়ণ কৰা সম্ভৱ নহ’য় বুলি সময়ে সময়ে ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়কে কৈ আহিছে৷ মুলত এই কথা পথ নিৰ্মাণৰ ক্ষেত্ৰ কৈ অহা পৰিলক্ষিত হৈছে ৰাজ্য চৰকাৰ খনে৷ কিন্তু ১৭ মাহত ৰাজ্যৰ বাট-পথ নতুনকৈ নিৰ্মাণ কৰিব নোৱৰিলেও পথৰ গাত কেইটা মাৰিবলৈ কেইমাহ লাগিব বুলি ৰাইজে প্ৰশ্ন কৰা আৰম্ভ কৰিছে চৰকাৰ খনক৷
দেৰগাঁও বিধান সভা সমষ্টিৰ দক্ষিণ-পূৱ কাকডোঙা গাঁও পঞ্চায়ত অধীনৰ চাবুকধৰা-ওপৰখাটোৱাল পথৰ বাবে যমৰ যাতনা ভোগ কৰি অহা লোকে পথৰ গাত মাৰোতে কেইমাহ লাগিব বুলি প্ৰশ্ন উত্থাপন কৰে৷ চাবুকধৰা-ওপৰখাটোৱাল পথটো মাৰামতিৰ অভাৱত এজাক বৰষুণত বোকা-পানীৰে গাড়ী মটৰ চলোৱাটো দূৰৰ কথা খোজকাঢ়িবলৈ অৱস্থা নোহোৱা হয়৷
পথটো পকী কৰাৰ বাবে স্থানীয় ৰাইজে স্থানীয় বিধায়কৰ লগতে চৰকাৰক আবেদন-নিবেদন জনাই আহিছে যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷ পঞ্চায়তক বহু বাৰ অৱগত কৰা পাছত কিছু বছৰ পুৰ্বে শিল ছটিয়াই দায়িত্ব সামৰে পঞ্চায়তৰ বিষয়া-কৰ্মচাৰীয়ে। প্ৰকাণ্ড পুখুৰী সদৃশ গাতৰ বাবে এতিয়া খোজকাঢ়িব নোৱাৰা হৈছে ৰাইজে।
দেৰগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীক বহুবাৰ পথটো সন্দৰ্ভত অৱগত কৰা পাছতো বিধায়ক জনে বৰ্তমানলৈকে গুৰুত্ব আৰোপ কৰা নাই৷ বিধান সভা নিৰ্বাচনৰ সময়ত প্ৰচাৰ কৰিব অহাৰ সময়ত দেখা পোৱা বিধায়জনক নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত চেহেৰাই দেখি পোৱা নাই বুলি ক্ষোভ উজাৰে।
এজাক বৰষুণতে পথটোৰ অৱস্থা অতি শোচনীয় হোৱাৰ ফলত বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ৰোগীৰ লগতে স্থানীয় ব্যৱসায়ী-চাকৰিয়াল আদিয়ে হাৰাশাস্তি ভোগ কৰি আহিছে৷ বৰষুণ দিলেই বিদ্যালয়, মহাবিদ্যালয়লৈ যাবৰ বাবে দুই তিনি কিলোমিটাৰ খোজ কাঢ়িব লগা হয় ছাত্ৰ-ছাত্ৰীয়ে। প্ৰধানমন্ত্ৰী মোডীক আবেদন জনাইছিল পথটো মেৰামতি কৰিবলৈ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছিল পথটোৰ ব্যৱস্থা লবলৈ৷ তাৰ পিছত পথটো বিভাগীয় কৰ্তৃপক্ষই নিৰীক্ষণ কৰিয়ে দায়িত্ব সামৰে৷