
গুৱাহাটীঃ দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা, কৰ্মনিষ্ঠাৰ প্ৰতীক লাচিক বৰফুকনক শুকুৰবাৰে ৰাজ্যজুৰি স্মৰণ কৰে ৰাইজে৷ দেশৰ সীমান্তৰ বিভিন্ন সমস্যাৰ সমাধান আৰু সীমান্তত বসবাস কৰা কৰা নাগৰিকৰ মাজত দেশপ্ৰেম আৰু সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰ নামৰ সংগঠনটোৱে শুকুৰবাৰে ৰাজ্যৰ কেইবাঠাইত বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰি বাৰ লাচিতক স্মৰণ কৰে৷

সীমান্ত অঞ্চলত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি অহা স্বেচ্ছাসেৱী সংগঠনটোৱে লাচিত দিবসৰ লগত সংগতি ৰাখি দেশভক্তি সমাবেশ অনুষ্ঠিত কৰে। গুৱাহাটী মহানগৰীৰ লগতে ভূটান আৰু বাংলাদেশৰ সীমান্তত তথা ৰাজ্যৰ আঠখন জিলাত ৬৩টা স্থানত দেশভক্তি সমাবেশৰ আয়োজন কৰে। লাচিত দিৱসৰ লগত অনুষ্ঠিত কৰা এই সমাবেশত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰে।
মুঠ ৬৩টা স্থানত অনুষ্ঠিত হোৱা এই সমাবেশত সমাজৰ নেতৃস্থানীয় লোক তথা যুৱ প্ৰজন্মৰ শাৰীৰিক, মানসিক তথা বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত মনোনিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰে সংগঠনটোৱে৷ প্ৰতিটো স্থানত উপস্থিত থকা নিৰ্দিষ্ট বক্তাসকলে ৰাষ্ট্ৰীয় সুৰক্ষা, সীমা সুৰক্ষা আৰু নাগৰিকৰ কৰ্তব্য শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰে। সীমান্ত সমস্যা সমাধান দেশবাসীৰ দেশপ্ৰেম আৰু সচেতনতা অবিহনে অসম্পূৰ্ণ। সীমান্তৰ সুৰক্ষাৰ বাবে আৰু দেশমাতৃৰ সেৱাৰ বাবে লাচিত বৰফুকনৰ আদৰ্শ গ্ৰহণ কৰি আজিৰ যুৱ প্ৰজন্মক আগবাঢ়ি আহিবলৈ আহ্বান জনাই সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰে।