সোণাৰি চাপৰি আঞ্চলিক আলি আই লিগাংৰ ৰুপালী জয়ন্তী বৰ্ষৰ ব্যাপক প্ৰস্তুতি

ডিজিটেল ডেস্ক |ঢকুৱাখানাঃ  ঢকুৱাখানা মহকুমাৰ বৃহত্বৰ সোণাৰি চাপৰি অঞ্চলত সিচৰিত হৈ থকা মিচিং জনগোষ্ঠীয় লোক সকলেও মিচিং জাতীয় বাপতি সাহোন কৃষি ভিত্তিক উৎসৱ আলি আয় লৃগাং আঞ্চলিক ভাৱে উদযাপন কৰি আহিছে৷ 

বিগত ২৯ টা বছৰে ধাৰাবাহিক ভাৱে উদযাপন কৰি অহা আঞ্চলিক আলি আয় লৃগাং অহা বছৰত ৰুপালী জয়ন্তী বৰ্ষ হিচাপে উদযাপনৰ ব্যাপক আয়োজন কৰিছে৷ এই উদেশ্যে জয়ন্ত পাতিৰক সভাপতি আৰু বিজু পায়েংক সম্পাদক হিচাপে লৈ গঠিত উদযাপন সমিতিৰ ব্যাপক তৎপৰতাত সোণাৰি চাপৰি বাংকে দুঃলুং কৗবাংৰ লগতে মিচিং বোলছবি নিৰ্মাতা, পৰিচালক, সু অভিনেতা, তথা শিবসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত অশ্বিনি কুমাৰ দলেই এক মাংগলিক অনুস্থানেৰে সোণাৰি চাপৰি কৃষ্টি ভৱন প্ৰাংগনত লাই খুটা স্থাপন কৰে৷ 

ইয়াৰ পূৰ্বে সোণাৰি চাপৰি বাংকেৰ ৰূপালী জয়ন্তী উদযাপন সমিতিয়ে দলেক সোণাৰি চাপৰি জন জাতীয় জিৰণী ঘৰৰ পৰা এক বৰ্ণাঢ্য সাংস্কৃতিক অনুস্থানেৰে প্ৰায় ডেৰকিলোমিটা পথ আদৰি আনে৷