
নলবাৰীঃ সমষ্টিৰ উন্নয়ণৰ হাজাৰ হাজাৰ প্ৰতিশ্ৰুতি দি ভোট আদায় কৰা এগৰাকী বিধায়ক তথা মন্ত্ৰীক সমষ্টিৰ ৰাইজে এবাৰ স্বচক্ষে দেখা পোৱাটো এতিয়া ভাগ্যৰ হে কথা৷ নিৰ্বাচন পাৰ হোৱাৰ পিছত যোৱ ১৮ মাহত আঙুলিৰ মূৰত গণনা কৰিব পৰাকৈ বিধায়কগৰাকীয়ে সমষ্টিলৈ আহিছে৷ সমষ্টিৰ ৰাইজে তেওৰ লগ পোৱাটো এতিয়া এক সপোনহে৷ নেতা-কৰ্মীৰে ৱাটছএপ যোগে সম্পৰ্ক ৰক্ষা কৰি আহিছে৷
বিধানসভা নিৰ্বাচন পাৰ হোৱাৰ পিছত সমষ্টিৰ ৰাইজে ছচিয়েল মিডিয়াত হে দেখা পাই বিধায়ক তথা মন্ত্ৰীকগৰাকীক৷ প্ৰভাৱশালী তথা অগপৰ পৰা বিজেপিলৈ আহি মন্ত্ৰী হোৱা এই গৰাকী বিধায়ক হ’ল নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ বিধায়ক পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷ নিজ সমষ্টিৰ ৰাইজ শ-শ সমস্যাৰে যুজ দি আহিছে যদিও মন্ত্ৰীগৰাকীয়ে প্ৰায়ে ৰাজ্যৰ বাহিৰত তথা সমষ্টিত উপস্থিত নথকাৰ অভিযোগ উত্থাপন হৈছে৷
অগপৰ পৰা বিজেপিলৈ অহা মন্ত্ৰী চন্দ্ৰমোহনৰ একালৰ একাংশ অগপ দলৰ নেতাই চন্দ্ৰমোহনে একো কাম কৰিব পৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ কেৱল ইমানে নহয় মন্ত্ৰীগৰাকীয়ে সমষ্টিৰ সমস্যাৰ কথা কেতিয়াও খবৰ নোলোৱা বুলি অভিযোগ উত্থাপন কৰে৷ সমষ্টিৰ স্বাস্থ্য, শিক্ষা, যাতায়াত, নিয়োগ কোনো ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ তাৰ মাজতে এটি পথ মেৰামতি নকৰাত ক্ষোভিত হৈ পৰিছে চন্দ্ৰৰ সমষ্টিৰ ৰাইজ৷
সমষ্টি উন্নয়ণৰ প্ৰতিশ্ৰুতি দি ৰাইজৰ ভোট লৈ বিধায়ক হোৱা চন্দ্ৰমোহন পাটোৱাৰীয়ে সমষ্টিৰ উন্নয়ণত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰিছে পথটোৰে যাতায়াত কৰা লোকসকলে৷ নলবাৰীৰ বগলচ ৰোড -নদ্দী-বিহামপুৰ গড়কাপ্তানী পথ মেৰামতি নকৰাৰ ফলত জহি-খহি যোৱাত আহ-যাহ কৰাৰ পৰিবেশ নোহোৱা হৈছে৷ প্ৰতিদিনে চাকৰিয়াল, ব্যৱসায়ী, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে আহ-যাহ কৰাত ব্যাপক সমস্যাত পৰে৷
বাৰিষা-খৰালি পথটোৰ বৃহৎ বৃহৎ গাতে যাতায়াতত চৰম দূৰবস্থাৰ সন্মুখীন হৈ আহিছে ৰাইজে। অঞ্চলটোৰ সচেতন ৰাইজে বিগত সময়ত ৰাজ্যৰ পৰিবৰ্তনমুখী চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক অনুৰোধ কৰি আহিছে যদিও আজিলৈ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে। চন্দ্ৰমোহন পাটোৱাৰী মাথো এম জি এনৰেগাৰ পথ কেইটামান নাম ফলক লগাই নিজৰ দায়িত্ব সামৰিছে নেকি বুলি কয়।
আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিচাৰ কৰিম বুলি ক্ষোভ ব্যক্ত কৰে অঞ্চলটোৰ একাংশ লোকে৷ ধৰ্মপুৰ সমষ্টিত আজিলৈকে বিধায়ক পাটোৱাৰীয়ে চকুত লগা কাম একো বিশেষ কৰিব পৰা নাই বুলি অভিযোগ কৰি পথটো কিছু অংশ নলবাৰী সমষ্টিত পৰে যদিও বেছি অংশ ধৰ্মপুৰ সমষ্টিত পৰে। পৰিবৰ্তনৰ শ্ল’গান আওৰাই থকা চৰকাৰৰ মন্ত্ৰী বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ ধৰ্মপুৰ সমষ্টিত আজিলৈ একো কৰিব পৰা নাই বুলি কয় ৰাইজে। ধৰ্মপুৰ আৰু নলবাৰী সমষ্টিক সংযোগ কৰা কৰা নিজ পকোৱা-বৰআজাৰা পথত থকা দলং খন বিধ্বস্ত হৈ পৰিছে।
সদাব্যস্ত পূৰ্ণ পথটোৰে কেইবাখনো মহাবিদ্যালয়, বিদ্যালয়, চৰকাৰী কৰ্মচাৰী তথা সৰ্বসাধাৰণ ৰাইজে অহা-যোৱা কৰে। দীৰ্ঘদিন ধৰি ৰাইজে দলং খনৰ বাবে যাতায়াতৰ সমস্যাত ভুগি আহিছে যদিও চৰকাৰ, গড়কাপ্তানী বিভাগ, প্ৰশাসনৰ গুৰুত্ব আৰোপন নকৰাৰ ৰাজহুৱা অভিযোগ উঠিছে। পূৰ্বৰ বহু বিতৰ্কিত আঢ়ৈ টকীয়া কৃষি মন্ত্ৰী তথা ধৰ্মপুৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক নীলমণি সেন ডেকা, বিভাগ কিম্বা জিলা প্ৰশাসনক আবেদন-নিবেদন কৰিও সুফল নোপোৱাৰ অভিযোগ উত্থাপন হৈছে।
অৱশেষত যোৱা বিধানসভা নিৰ্বাচনত ধৰ্মপুৰৰ ৰাইজে পৰিবৰ্তন বিচাৰি কংগ্ৰেছ তথা নীলমণি সেন ডেকাক বিদায় দি বিজেপিৰ চন্দ্ৰমোহন পাটোৱাৰীক বিধায়ক হিচাপে নিৰ্বাচিত কৰিলে। বৰ্তমান পাটোৱাৰী ৰাজ্যৰ উদ্যোগ, বাণিজ্যক, পৰিবহন বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব লৈছে যদিও সমষ্টিৰ ৰাইজক পাহৰি যায়৷ দলং খন নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে পাটোৱাৰীক কেইবাবাৰো আবেদন তথা মৌখিক ভাৱেও জনাই আহিছে যদিও আজিলৈ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।
ধৰ্মপুৰৰ সচেতন ৰাইজে অভিযোগ কৰা মতে চন্দ্ৰমোহন পাটোৱাৰী মাথো এম জি এনৰেগাৰ পথ কেইটাত নাম ফলক লগাই উন্নয়ন বিকাশৰ ৰৌ-জাল বৌ-জাল কৰিছে। ইয়াৰ বাহিৰে পাটোৱাৰীয়ে সমষ্টিটোত কোনো বিশেষ কাম কৰিব পৰা নাই বুলিও ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে আৰু এনেদৰে থাকিলে ধৰ্মপুৰত আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ মূল শাসকীয় বিজেপি দলে মুখ থেকেচা খাব লাগিব বুলিও ৰাইজৰ মাজত চৰ্চা আৰম্ভ হৈছে।