
চিচিবৰগাঁওঃ ধেমাজি জিলাত কৃষি বিভাগত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী৷ কৃষকক সামগ্ৰী বিতৰণৰ নামত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে৷ জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়াংকু চুতীয়াই এক বিবৃতি যোগে কৃষি বিভাগৰ অধীনৰ NFSM, RKVY, বীজ নিগম, উদ্যান শস্য, চৰকাৰৰ ৰাজ সাহাৰ্য্যযুক্ত ট্ৰেক্টৰ, পাৱাৰটিলাৰ যোগানৰ নামত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷
আঁচনিৰ সমূহ অধিনৰ প্ৰকৃত হিতাধিকাৰীৰ সামগ্ৰী নোপোৱাৰ লগতে কৃষি বিভাগৰ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰে কেলেংকাৰী কৰি ধন ঘটাৰ অভিযোগ উত্থাপন কৰে যুৱ-ছাত্ৰ পৰিষদে৷ বিগত বছৰকেইটাত ট্ৰেক্টৰ, পাৱাৰটিলাৰ, ইলেক্ট্ৰিক-ডিজেল-পেট্ৰল-কেৰাচিন পাম্প, সৰিয়হ পেৰা যন্ত্ৰ আদি বিতৰণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি কয় সংগঠনটোৱে। যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে কৃষি বিভাগৰ বিষয়াই বিক্ৰী কৰিবলৈ নিয়া সাৰ জব্দ কৰি এই কেলেংকাৰীৰ ঘটনাক পোহৰলৈ অনা বুলি কয়৷
NFSM, RKVY, উদ্যান শস্য, বীজ নিগমৰ লগতে বিভিন্ন আঁচনিৰ অধীনত বিভাগটোৱে জিলা খনক যথেষ্ট পৰিমাণৰ বীজ, সাৰ, কীটনাশক ঔষধ, স্প্ৰে মেচিনৰ লগতে বিভিন্ন সা-সজুঁলি যোগান ধৰে যদিও বিভাগটোৰ একাংশ বিষয়া কৰ্মচাৰীয়ে দুৰ্নীতিৰ আশ্ৰয় লৈ বেছি অংশ বিভাগৰ গুদাম ৰাখি বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ ধেমাজি জিলা কৃষি বিভাগৰ কাৰ্যালয়ত ১০ৰ পৰা ১২ জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী থকাৰ পাছতো জিয়াঢল পঞ্চায়তৰ কৃষি সম্প্ৰসাৰণ সহায়ক পেগু উপাধীৰ বিষয়াজনক বিগত কেইবাবছৰ ধৰি বিভাগৰ গুদাম ঘৰৰ অতিৰিক্ত দায়িত্ব দিয়াতো ৰহস্য আছে বুলি কয় সংগঠনটোৱে।
পেগু উপাধিৰ বিষয়াগৰাকীয়ে ব্যক্তিগত বাহনেৰে জিলাখনৰ বিভিন্ন কৃষি চক্ৰলৈ সামগ্ৰী কঢ়িয়াই নিয়াৰ দায়িত্ব অৰ্পণ কৰা বুলিও কয়। সামগ্ৰী সমূহ সঠিক স্থান পোৱাৰ পূৰ্বেই বিক্ৰী কৰে ইয়াৰ প্ৰমাণো পৰিষদৰ হাতত মজুত আছে বুলি প্ৰকাশ কৰে ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়াংকু চুতীয়াই। NFSMৰ লাহন উপাধিৰ এসময়ৰ ADO বৰ্তমান SDOৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি সাত বছৰে এখন চকীয়ে বহি আছে যদিও চৰকাৰে বদলি কৰিবলৈ সাহস পোৱা নাই বুলি কৈ গুৱাহাটীত ফ্লেট, ধেমাজিত ঘৰ মাটি, ৫০ বিঘা মাটি ক্ৰয় কৰা বুলি অভিযোগ উত্থাপন কৰি ইমান টকা কৰ পৰা পালে বুলি প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৱে।
শেহতীয়াকৈ অসম চৰকাৰে প্ৰতিখন ৰাজহ গাঁৱত ৰাজ সাহাৰ্য্যযুক্ত ট্ৰেক্টৰ যোগান ধৰিবৰ বাবে আঁচনি ৰূপায়ণ কৰিছিল যদিও এইক্ষেত্ৰটো কেইজনমান বিষয়াই ৰাজনৈতিক দলৰ নেতা-পালিনেতাৰ সৈতে লগ হৈ গোপনে বৃহৎ অংকৰ ধনৰ বিনিময়ত আত্মসহায়ক গোট বাছনি কৰাৰোঁ অভিযোগ আনিছে সংগঠনটোয়ে।