বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে ধেমাজিত ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ যুৱ ছাত্ৰৰ

newsnextone.com।ধেমাজিঃ  যি সময়ত নদীবান্ধৰ ভয়াবহতাৰ কথা বিশেষ ভাৱে চৰ্চিত হৈ পৰিছে সেই সময়ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে।

 অসমৰ জাতীয় সংগঠন সমূহৰ লগত দিল্লীত আলোচনা মৰ্মে নামনি সোৱনশিৰি জল বিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে বুলি কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে নগৰৰ মাজমজিয়াত ৰঞ্জীত দাসৰ প্ৰতিকৃতি দাহ কৰি পৰিবেশ উত্তাল কৰি তোলে ।

কাৰ্য্যসূচীত জিলা সমিতিৰ সভাপতি প্ৰিয়াংকু চুতীয়াই প্ৰশ্ন কৰি কয়, কোন কোন জাতীয় সংগঠনে এন এইচ পি চিৰ কাম আৰম্ভ কৰিবলৈ সন্মতি প্ৰকাশ কৰিলে সেইসকলৰ নাম অতি সোনকালে ৰাজহুৱা কৰিবলৈ দাবী জনাইছে অন্যথা ভৱিষ্যতে এনে বিতৰ্কৃত মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে।

কাৰ্য্যসূচীত ধেমাজি জিলা সভাপতি, সাধাৰণ সম্পাদক ক্ৰমে ভূপেন দিহিঙীয়া, দেৱজিত চুতীয়াকে ধৰি শতাধিক কৰ্মী উপস্থিত থাকে।