ধেমাজিত জীয়াঢলৰ ৰুদ্ৰমূৰ্তি, বানে ল'লে শিশুৰ প্ৰাণ

ধেমাজিঃ ৰাজ্যত এতিয়া চৌদিশে বানৰ প্ৰলয়৷ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকে এটুপি খোৱাপানীৰ হাহাকাৰ কৰিব লগা হৈছে৷ প্ৰকৃতিৰ ৰুদ্ৰ মূৰ্ত্তিৰ ফলত ঘৰ-দুৱাৰ হেৰুৱাই অঘৰী জীৱন কটাবলৈ বাধ্য হৈছে লোকসকল৷ হেপাহৰ ঘৰখন পানীৰ তলত ডুব গৈ থকাত চকুপানী টুকি দিন পাৰ কৰিছে হাজাৰ হাজাৰ লোকে৷ কোলাৰ কেচুৱা লৈ ঘৰখনৰ স্মৃতি ৰোমন্থন কৰি শোকত ভাগি পৰিছে লোকসকল৷

পোহনীয়া জীৱ-জন্তু, লৰা-ছোৱালীৰ কাপোৰ-কানি, পাকঘৰৰ সা-সামগ্ৰী সকলো উটুৱাই নিয়ে৷ মাজুলী, ডিব্ৰুগড়, মৰিগাঁও, কোকৰাঝাৰ, গোৱালপাৰা, বিশ্বনাথ, বাক্সা, বঙাইগাঁও শিৱসাগৰ আদি জিলাৰ লগতে শেহতীয়াকৈ নগাঁৱৰ পাছত এইবাৰ ধেমাজি জিলাত বানৰ প্ৰলয় আৰম্ভ হৈছে।

বানৰ কবলত পৰি জিলাখনৰ হাহকাৰ কৰিব লগা হৈছে হাজাৰ হাজাৰ লোকে। অৰুণাচলত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জীয়াঢল নৈ ফেনে ফোটোকাৰে বাঢ়ি আহে। জীয়াঢল নৈৰ মথাউৰি আজি পুৱা ৭ মান বজাত ছিঙি নিয়াত একপ্ৰকাৰ প্ৰলয়ৰ সৃষ্টি হয় জিলাখনত।

জিলা খনৰ নামনি অংশৰ ঘিলামৰা, ঘোগোহা, মাছখোৱা অঞ্চলৰ প্ৰায় ৫০ খনতকৈও অধিক গাঁও বানত বুৰ যায়। ফলত অঞ্চলটোত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয়৷ অৰুণাচল প্ৰদেশত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত ওফন্দি উঠি সংহাৰী ৰূপ লয় নৈখনে৷

কুমতীয়া মথাউৰিটোৰ গুয়েখন্দা অংশৰ প্ৰায় ১৫০ মিটাৰ অংশ ছিঙি নিয়াত পশ্চিম ধেমাজি অঞ্চলৰ প্ৰায় ৫০খন গাঁও প্লাৱিত হৈ পৰে। বানৰ প্ৰবল সোঁতত কেইবাখনো গাঁৱৰ বহু আৱাস গৃহ, পশুধন উটি যায়।

অকস্মাতে হোৱা বানত দিশহাৰা হৈ পৰে ২নং লাখটকিয়া, গুৰথালি, তৰুৱা, ঘুগুহা, লাখটকিয়া, গোহাঁইগাঁও, গোহাঁইচাপৰি, নৰুৱাথান, কেঁচুখন্দা, খলিহামাৰী, ফুটুকাবাৰী, কাঁহিকুচিকে আদিকে কৰি বহু গাঁও। ইফালে নৰুৱাথান ঘিলামৰা সংযোগী পথৰ ওপৰত এককাল পানী উঠাত গোটেই দিনটোত যোগাযোগ বিচ্ছিন্ন হয়।

এন ডি আৰ এফ বাহিনীৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও সম্প্ৰতি বহু গাঁও উদ্ধাৰ অভিযান সাঙুৰি লব পৰা নাই নাই বুলি জানিব পৰা গৈছে। ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ চমৰাজানত কুমতীয়া নৈৰ পানী পথৰ ওপৰেৰে বাগৰাৰ ফলতো ধেমাজি-লখিমপুৰৰ যোগাযোগ বিচ্ছিন্ন হয়। ইফালে এই বানত নামনি দিহিং অঞ্চলৰ ৰাজ পেগু নামৰ এটি দুবছৰীয়া শিশুৰ বিছনাৰ পৰা বাঢ়নী পানীত পৰি মৃত্যু হয়।